ৰজা আৰু মূৰ্খ বান্দৰ
এসময়ত এখন দেশত এজন ৰজা আছিল । ৰজাৰ এটা বৰ মৰমৰ পোহনীয়া বান্দৰ আছিল । ৰজাৰ অতিকৈ মৰমৰ বান্দৰটোৱে ৰাজমহলৰ ভিতৰচ'ৰাত অবাধে বিচৰণ কৰিব পাৰিছিল । বান্দৰটো ৰজাৰ ইমানেই মৰমৰ আছিল যে সি নিৰ্বিঘ্নে ৰজাৰ শোৱনিকোঠাত সোমাই ৰজাক সংগও দিছিল ।
এদিনাখনৰ কথা । ৰাজকাৰ্য শেষ কৰি দিনৰ আহাৰ গ্ৰহণ কৰাৰ পাছত ৰজা শোৱনিকোঠাত বিচনাত বাগৰ দিলে । কিছু সময় পাছত ৰজা টোপনিত লালকাল দিলে । বিচনাৰ কাষতে বান্দৰটোৱে ৰজাক নিৰীক্ষণ কৰি আছিল । এনেতে গভীৰ নিদ্ৰাত থকা ৰজাৰ গালত এটা মাখি পৰিল । বান্দৰে হাতখন জোকাৰি মাখিটো খেদি দিলে । কিন্তু অলপ সময়ৰ পাছত মাখিটো আকৌ আহি ৰজাৰ গালত পৰিল । বান্দৰে তেনেকৈ কেইবাবাৰো মাখিটো খেদি দিয়ে যদিও বাৰে বাৰে মাখিটো আহি ৰজাৰ গালত পৰে । বাৰে বাৰে মাখি খেদি বান্দৰটো অতীষ্ঠ হৈ পৰিল । খঙতে বান্দৰে ৰজাৰ তৰোৱালখন দাঙি লৈ মাখিটো মাৰিবলৈ উদ্বত হৈ পৰিল । এইবাৰ মাখিটো আহি ৰজাৰ বুকুত পৰিল । বান্দৰে অলপো সময় নষ্ট নকৰি মাখিটো মাৰিবলৈ বুলি ৰজাৰ বুকুত গাৰ সমস্ত বল প্ৰয়োগ কৰি তৰোৱালেৰে আঘাত কৰিলে । লগে লগে মাখিটো উৰি গুচি গ'ল যদিও তৰোৱালৰ আঘাতত ৰজাৰ প্ৰাণবায়ু উৰি গ'ল ।
উপদেশ : মূৰ্খ বন্ধুৰ পৰা সদায় সাৱধানে থাকিব লাগে । কেতিয়াবা ই শত্ৰুতকৈও বেছি ক্ষতি কৰিব পাৰে ।