বীৰবলৰ সাধু
এবাৰ সম্ৰাট আকবৰৰ ৰাজসভাৰ এজন পাৰিসদৰ ঘৰত এটা সোণৰ মোহৰ চুৰি হ'ল । পাৰিসদজনৰ ঘৰত থকা চাৰিজন ভৃত্যৰ কোনোবা জনে মোহৰটো চুৰি কৰিছে , কিন্তু কোনেও সৈ কঢ়া নাই । পাৰিসদজনে সম্ৰাটক এই কথা জনোৱাত দোষীক ধৰা পেলোৱাৰ দায়িত্ব সম্ৰাটে বীৰবলক অৰ্পন কৰিলে ।
পাৰিসদজনে চাৰিওজন ভৃত্যকে বীৰবলৰ আগত হাজিৰ কৰালে । বীৰবলে প্ৰত্যেককে ভাগে ভাগে জেৰা কৰিলে যদিও ভগৱানৰ নামত শপত খাই আটাইকেইটা ভৃত্যই চুৰ নকৰা বুলিয়েই ক'লে । তেতিয়া বীৰবলে চাৰিডাল সমান জোখৰ কাঠি আনি প্ৰত্যেকজন ভৃত্যকে একোডালকৈ দি ক'লে , "এই চাৰিডাল সাধাৰণ কাঠি নহয়, ইয়াত যাদু কৰা আছে । ৰাতিটো তোমালোকে নিজৰ নিজৰ কাঠিডাল লগত ৰাখিবা । যিজনে সোণৰ মোহৰ চুৰ কৰিছে তেওঁৰ কাঠিডাল ৰাতিটোৰ ভিতৰতে দুই আঙুল দীঘল হৈ পৰিব ।"
বীৰবলৰ কথা শুনি প্ৰকৃত চোৰজনে ভাবিলে - যদি কাঠিডাল দুই আঙুল দীঘল হৈ পৰে তেতিয়া মই ধৰা পৰি যাম । গতিকে ইয়াক মই দুই আঙুল কাটি ছুটি কৰি থওঁ । তেতিয়া মোৰ কাঠিডাল বাকী তিনিডালৰ লগত সমান হৈ থাকিব । তাকে ভাবি সি তাৰ কাঠিডাল দুই আঙুল কাটি পেলালে ।
পিছদিনা ৰাতিপুৱা প্ৰত্যেকেই বীৰবলৰ হাতত কাঠিকেইডাল জমা দিলে । বীৰবলে কাঠিকেইডাল লওঁতে এজনৰ কাঠিডাল দুই আঙুল ছুটি দেখা পালে আৰু তেওঁকে প্ৰকৃত চোৰ বুলি ধৰা পেলালে । সম্ৰাট আকবৰে লগে লগে সোণৰ মোহৰ মালিকক ঘূৰাই দিবলৈ চোৰটোক আদেশ দিলে আৰু সম্ৰাটৰ লগতে ৰাজসভাত উপস্থিত আটায়ে বীৰবলৰ বুদ্ধিৰ ভূয়সী প্ৰশংসা কৰিলে ।