বেদৱতীৰ কাহিনী
বহু হাজাৰ বছৰ আগতে কুশধ্বজ নামৰ এজন বৰ প্ৰজাহিতৈশী আৰু ধৰ্ম পৰায়ন ৰজা আছিল । তেওঁৰ এগৰাকী অতি সুন্দৰী কন্যা আছিল । কন্যা গৰাকীৰ নাম আছিল বেদৱতী । বেদৱতী সৰুৰেপৰাই আছিল ধৰ্ম পৰায়না ।
ঘৰৰ সকলোৰে বাধা নেওচি বেদৱতীয়ে অতি কম বয়সতে পুষ্কৰ তীৰ্থত তপস্যা কৰিবলৈ যায় । বহু বছৰ ধৰি তপস্যা কৰি কৰি বেদৱতীয়ে কৈশোৰ পাৰ কৰি যৌৱনত ভৰি দিলে । বেদৱতীৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই আকাশবাণী শুনালে , "তুমি কিহৰ বাবে এই গহীন বনত অকলশৰে থাকি তপস্যা কৰিছা ?"
বেদৱতীয়ে ক'লে , "মই স্বয়ং হৰিক স্বামী হিচাবে পাবৰ বাবে এই তপস্যা কৰিছোঁ ।"
ব্ৰহ্মাই ক'লে , তথাস্তু , "এই জনমত নহয় , অহা জনমত তুমি হৰিক স্বামী ৰূপে লাভ কৰিবা ।"
ব্ৰহ্মাৰপৰা বৰদান পোৱাৰ পাছতো বেদৱতী ক্ষান্ত হোৱা নাছিল । এই জনমতে হৰিক স্বামী ৰূপে পোৱাৰ মানসেৰে বেদৱতীয়ে পুষ্কৰ তীৰ্থৰপৰা গন্ধমাদন পৰ্বতলৈ গৈ পুনৰ কঠোৰ তপস্যা আৰম্ভ কৰিলে ।
এদিনাখন ৰাক্ষসৰাজ ৰাৱণ বনত ঘূৰি ফুৰি গন্ধমাদন পৰ্বতত থকা বেদৱতীৰ আশ্ৰম পালেগৈ । ৰাক্ষসৰাজে ছদ্মবেশ ধৰি বেদৱতীৰ আশ্ৰমত প্ৰৱেশ কৰিলে ।
বেদৱতীয়ে সাদৰ -সম্ভাসন জনাই ফলমূলেৰে অতিথিক আপ্যায়ন কৰিলে । ছদ্মবেশী ৰাৱণে বেদৱতীলৈ চাই সুধিলে, "তুমি ইমান কম বয়সতে কঠোৰ তপস্যা কৰি নিজকে কিয় ধ্বংস কৰিছা ? তুমি এইবোৰ বাদ দিয়া ।"
অতিথিৰ কথা শুনি বেদৱতী আচৰিত হৈ পৰিল । তেতিয়া লংকেশ্বৰ ৰাৱণে ছদ্মবেশ এৰি নিজৰ পৰিচয় দি ক'বলৈ ধৰিলে , "মই ত্ৰিভুৱন বিজয়ী লংকাৰ ৰজা ৰাৱণ । তপস্যা কৰি তুমি মিছাতে জীৱনটো ধ্বংস নকৰিবা । মই তোমাক লংকাৰ ৰাজৰাণী কৰি লৈ যাম ।"
ৰাৱণৰ কথা শুনি তপস্বিনী বেদৱতীৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ আৰু কিছুসময় মৌন হৈ ৰ'ল । বেদৱতীৰ পৰা কোনো সহাৰি নাপাই ৰাৱণে বেদৱতীৰ হাতত ধৰি টানিলে । এইবাৰ বেদৱতীয়ে অতিশয় ক্ৰোধাগ্নিত হৈ ৰাৱণলৈ চাই ক'লে , জীৱনত কোনো দিনে কোনো কু- চিন্তা মই মনলৈ অনা নাই । এই নিৰ্জন বনত অকলে পাই তুমি মোৰ হাতত ধৰি মোক অপমান কৰিলা । মই অভিশাপ দিছো তুমি এদিন সবংশে ধ্বংস হ'বা । এইবুলি কৈ বেদৱতীয়ে যোগবলে দেহত্যাগ কৰিলে ।
পিছৰ জনমত এই বেদৱতীয়েই জনক ৰজাৰ কন্যা সীতা হৈ জন্মলাভ কৰিলে । সয়ম্বৰত হৰধনু ভংগ কৰা ভগৱান ৰামৰ ডিঙিত বৰমাল্য অৰ্পন কৰি সীতাই ৰামক পতি ৰূপে বৰণ কৰিলে । সেই ৰামৰ হাততে লংকাৰ ৰজা ৰাৱণ সবংশে ধ্বংস হ'ল ।