দুষ্মন্ত শকুন্তলাৰ কাহিনী
সৰগৰ অপেশ্বৰী মেনকাৰ সদ্যজাত সন্তান শকুন্তলাক মেনকাই মালিনী নদীৰ পাৰৰ এখন আশ্ৰমত এৰি থৈ গুচি যায় । কন্যাটি পাই ঋষি কণ্বই আশ্ৰমলৈ লৈ আহে আৰু তুলি-তালি ডাঙৰ দীঘল কৰে । সৰুৰেপৰাই আশ্ৰমত ডাঙৰ হোৱা শকুন্তলাই আশ্ৰমৰ পশু-পক্ষী ,গছ-গছনিক খুব ভাল পাইছিল আৰু প্ৰতিপাল কৰিছিল ।
এদিনাখনৰ কথা । হস্তিনাপুৰৰ ৰজা দুষ্মন্ত চিকাৰ কৰিবলৈ আহি কণ্ব মুণিৰ আশ্ৰমত প্ৰৱেশ কৰিলে । সেই সময়ত কণ্ব মুনি আশ্ৰমৰ বাহিৰত থকা বাবে অতিথি দুষ্মন্তক শকুন্তলাই যথোচিত আপ্যায়ন কৰে । ৰজা দুষ্মন্তই কণ্ব মুনিৰ এই দিপলিপ কন্যা গৰাকীৰ ৰূপত মুগ্ধ হৈ বিবাহৰ প্ৰস্তাৱ দিয়ে । তেতিয়া শকুন্তলাই পিতাক কণ্বমুনি ঘূৰি অহালৈ ৰজাক অপেক্ষা কৰিবলৈ কয় । কিন্তু ৰজা দুষ্মন্তই ঋষি ঘূৰি অহালৈ অপেক্ষা কৰিবলৈ অমান্তি হয় । সেয়ে ঋষিৰ অনুপস্থিতিতে দুয়ো গন্ধৰ্ব প্ৰথাৰে বিবাহ পাশত আৱদ্ধ হয় । ৰজা কিছুদিন আশ্ৰমতে থাকি শকুন্তলাক কণ্ব মুনি ঘূৰি অহাৰ পাছত ৰাজধানীলৈ লৈ অহাৰ প্ৰতিশ্ৰুতি দি ৰাজধানীলৈ উভতি আহে ।
দুষ্মন্ত গুছি যোৱাৰ পাছত শকুন্তলাই দিনে ৰাতিয়ে তেওঁৰ কথাকে ভাবি আশ্ৰমত দিন কটাবলৈ ধৰিলে । ইপিনে ৰাজধানীলৈ উভতি গৈ ৰজাই ঋষি কণ্বৰ ভয়ত শকুন্তলাক নিবলৈ আহিবলৈ সাহস কৰা নাছিল । পিছত শকুন্তলাই পিতৃ কণ্বৰ আশ্ৰমতেই এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে । শকুন্তলাৰ পুত্ৰ সন্তানটি ইমানেই দুৰ্দান্ত সাহসী আছিল যে আশ্ৰমৰ হিংস্ৰ বনৰীয়া জন্তুকো দমন কৰিব পাৰিছিল । সেই কাৰণেই শিশুটিৰ নাম ৰখা হৈছিল সৰ্বদমন । সৰ্বদমনৰ ছয় বছৰ বয়সত ঋষি কণ্বই আশ্ৰমৰ কেইজনমান তপস্বীক লগত দি শকুন্তলা আৰু পুত্ৰ সৰ্বদমনক দুষ্মন্তৰ ৰাজপ্ৰাসাদলৈ পঠিয়াই দিয়ে । ঋষিয়ে দুষ্মন্তৰ ৰাজপ্ৰাসাদলৈ মাতৃ পুত্ৰক পঠিয়াবলৈ এইটোৱেই উপযুক্ত সময় বুলি বিবেচনা কৰিলে যাতে সৰ্বদমনে উপযুক্ত সময়ত যুৱৰাজ পদত অভিষিক্ত হ'ব পাৰে । কিন্তু ৰজাই শকুন্তলাক চিনি পোৱা সত্ত্বেও জন অপবাদৰ ভয়ত অস্বীকাৰ কৰে । তেনেতে দৈৱবাণী যোগে জনোৱা হৈছিল যে শকুন্তলা ৰজাৰ বিবাহিত বৈধ পত্নী । গতিকে দুষ্মন্তই শকুন্তলাক গ্ৰহণ কৰিবলৈ বাধ্য হ'ল । শকুন্তলাক ৰাণী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পাছত দুষ্মন্তই পুত্ৰ সৰ্বদমনক যুৱৰাজ হিচাবে অভিষিক্ত কৰে ।