ঘোঁৰা আৰু নাহৰফুটুকী


       এদিনাখন এটা নাহৰফুটুকী বাঘে ভোকত চিকাৰ বিচাৰি ইফালে সিফালে ঘূৰি ফুৰিছিল । তেনেতে অলপ আঁতৰত সি এটা ঘৰচীয়া ঘোঁৰা চৰি থকা দেখা পালে । নাহৰফুটুকীটো দেখা পাই ঘোঁৰাটোৱে খুব ভয় খালে । ভোকাতুৰ নাহৰফুটুকীটোৱে যে তাক অতি সোনকালেই আক্ৰমণ কৰিব সি  সেই কথা জানিছিল । ঘোঁৰাটো বৰ জ্ঞানী আৰু বুধিয়ক আছিল । আগন্তুক বিপদৰ আশংকা কৰিও সি অধৈৰ্য হোৱা নাছিল । 
       ঘোঁৰাটোৱে নাহৰফুটুকীক উদ্দেশ্যী ক'লে , "মই জানো তুমি মোক অতি সোনকালে মাৰি পেলাবা । তাৰ আগতে তোমাৰ ওচৰত মোৰ এটা অনুৰোধ আছে ।"
         নাহৰফুটুকীয়ে ক'লে , "ঠিক আছে, তোমাৰ কি অনুৰোধ আছে কোৱা ।"
         ঘোঁৰাই উত্তৰ দিলে , "মোৰ ঘৈণীয়ে মোলৈ বাট চাই ঘৰত অকলে আছে । তুমি মোক মাৰি পেলালে এই সংসাৰত তাই অকলশৰীয়া হৈ পৰিব । তুমি যদি বেয়া নোপোৱা মোৰ লগতে মোৰ ঘৰলৈ ব'লা আৰু  আমাৰ দুয়োকে একেলগে বধ কৰি ভক্ষণ কৰা । তেতিয়া আমি এটায়ো এই পৃথিৱীত অকলশৰীয়া হৈ থাকিব লগা হোৱাৰ কষ্ট ভোগ কৰিব নালাগিব । 
      ঘোঁৰাৰ কথাত নাহৰফুটুকীয়ে আনন্দমনেৰে সন্মতি প্ৰকাশ কৰিলে আৰু ঘোঁৰাৰ পাছে পাছে আস্তাৱললৈ যাবলৈ ধৰিলে । 
      আস্তাৱলৰ ওচৰ পোৱাত ঘোঁৰাৰ গৰাকীয়ে ঘোঁৰাটোৰ পিছফালে নাহৰফুটুকীক দেখা পালে । লগে লগে মালিকে এডাল মজবুত লাঠি যোগাৰ কৰি হাতত লয় । নাহৰফুটুকীটো আস্তাৱলৰ ওচৰ পোৱাৰ লগে লগেই মালিকে তাক লাঠিৰে কোবাই মাৰি পেলালে । 

নীতিশিক্ষা :  সাহস আৰু ধৈৰ্যই হৈছে বিপদ প্ৰতিহত কৰাৰ একমাত্ৰ উপায় ।