বৃদ্ধ ঘোঁৰা (কৰ্ণাটকৰ লোককথা)


        বহু বছৰ আগতে ৰাঘৱ নামৰ এজন লোকৰ এটা বৰ মৰমৰ ঘোঁৰা আছিল । ঘোঁৰাটোৱে বহু বছৰ ধৰি ৰাঘৱৰ সেৱা আগবঢ়াই আহিছিল । লাহে লাহে ঘোঁৰাটোৰ বয়স বাঢ়ি বুঢ়া হ'ল । সেয়ে সি আগৰ দৰে ৰাঘৱক সহায় কৰিব নোৱাৰা হ'ল । এদিনাখন ৰাঘৱে ঘোঁৰাটোৰ ওচৰলৈ গৈ ক'লে , "তই এতিয়া বুঢ়া হ'লি । আগৰ দৰে কাম কৰিবও নোৱাৰা হৈ আহিছ । গতিকে তোক আৰু মোৰ প্ৰয়োজন নাই । তই এতিয়া য'লৈকে ইচ্ছা গুচি যাব পাৰ ।" 
        ঘোঁৰাই ক'লে , "মই যে বছৰ বছৰ ধৰি আপোনাৰ সেৱা আগবঢ়াই আহিলোঁ, ইয়াৰ কোনো মূল্য নাই নেকি ?"
      ঘোঁৰাৰ কথা শুনি ৰাঘৱে কিছু সময় চিন্তা কৰি ক'লে , "ঠিক আছে , যদি তই হাবিৰ পৰা এটা সিংহ মোক ধৰি আনি দিব পাৰ তেতিয়াহলে মই ভাবিম যে তই এতিয়াও সক্ষম হৈ আছ আৰু মই তোক মোৰ লগত ৰাখিম ।" 
        গৰাকীৰ কথা শুনি ঘোঁৰা হাবিলৈ গ'ল । হাবিত সি এটা শিয়াল লগ পালে । ঘোঁৰাক দেখা পাই শিয়ালে সুধিলে , "হেৰা বন্ধু , তোমাক বৰ চিন্তিত দেখা গৈছে কাৰণটো কি ?"
            ঘোঁৰাই শিয়ালক সকলো কথা বিবৰি ক'লে । বুধিয়ক শিয়ালে কিছু সময় চিন্তা কৰি ক'লে , মই তোমাক এটা বুদ্ধি দিম । তুমি কেৱল মৰাৰ ভাও ধৰি থাকিব লাগিব । মই যেতিয়া তোমাক চিঞৰি মাতিম তুমি গৰাকীৰ ঘৰৰ ফালে চেঁকুৰি গুচি যাবা । শিয়ালৰ কথাত ঘোঁৰা সন্মত হ'ল । 
      এইবাৰ শিয়ালে এটা সিংহৰ ওচৰলৈ গৈ ক'লে , "মহাশয়, আপোনাৰ ৰাতিৰ সাঁজৰ বাবে মই এটা নোদোকা ঘোঁৰা ঠিক কৰি থৈছোঁ । ব'লক আমি দুয়ো ঘোঁৰাটোৰ ওচৰলৈ যাওঁ ।" শিয়ালৰ কথামতে সিংহই আনন্দ মনেৰে তেলাল ঘোঁৰাৰ মঙহৰ লোভত শিয়ালৰ পাছে পাছে গৈ ঘোঁৰাৰ ওচৰ পালেগৈ । শিয়ালে সিংহক ক'লে , "আজি বৰ গৰম পৰিছে । আপুনি এই মৰা ঘোঁৰাটো ৰ'দত বহি কষ্ট কৰি খাব নালাগে । এডোখৰ ছাঁ পৰা ঠাই নাইবা আপোনাৰ গুহালৈকে লৈ গৈ আৰামত খাওক ‌।"
         শিয়ালৰ কথাটো সিংহৰ মনঃপুত হ'ল আৰু ক'লে , "মোৰ গুহালৈ ইয়াক লৈ যাম কেনেকৈ ?"
        শিয়ালে উত্তৰ দিলে , মই আপোনাৰ ভৰি ঘোঁৰাটোৰ নেজত বান্ধি দিম ‌। তেতিয়া আপুনি ঘোঁৰাক গুহালৈকে টানি লৈ যাব পাৰিব । 
         কথামতে শিয়ালে সিংহৰ ভৰি ঘোঁৰাৰ নেজত বান্ধি দিলে । তাৰ পাছত সি ডাঙৰকৈ চিঞৰি দিলে । শিয়ালে হুৱা দিয়াৰ লগে লগে ঘোঁৰাই গৰাকীৰ ঘৰৰফালে চেঁকুৰ দিলে । ঘোঁৰাৰ লগে লগে তাৰ নেজত বান্ধি থোৱা সিংহটো মাটিত চুচৰি যাবলৈ ধৰিলে ।   মাটিত চুচৰাই লৈ যোৱা বাবে সিংহই বেয়াকৈ আঘাত পালে আৰু থিতাতে মৰি থাকিল ‌। ঘোঁৰাৰ কাণ্ড দেখি ৰাঘৱে বৰ গৌৰৱ বোধ কৰিলে । সেই দিন ধৰি ৰাঘৱে ঘোৰাঁটোক বৰ আদৰ কৰিবলৈ ধৰিলে ।  ৰাঘৱৰ ঘৰতেই ঘোঁৰাই শেষ নিশ্বাস এৰালৈকে সুখে-সন্তোষে বাস কৰি থাকিল । 

উৎস : "ফেমাচ ফক্ টেলচ অৱ চাউথ ইন্দিয়া" নামৰ সাধুপুথিখনৰ "দ্য অ'ল্ড হৰ্চ" নামৰ সাধুটোৰ অসমীয়া অনুবাদ ।