মৃত হাতী (কৰ্ণাটকৰ লোককথা)


               এসময়ত এখন চহৰত এজন কুমাৰ আছিল । উপযুক্ত বয়সত কুমাৰে উলহ-মালহেৰে গাঁৱৰে এজনী ছোৱালীৰ লগত পুতেকৰ বিয়া পাতিবলৈ যোগাৰ কৰিলে । 
            দক্ষিণ ভাৰতীয় পৰম্পৰা অনুসৰি  বিবাহ সম্পন্ন হোৱাৰ পাছত দৰা-কইনাক লগত লৈ গাওঁবাসীয়ে বিভিন্ন বাদ্যযন্ত্ৰ বজাই বিয়ানাম গাই চহৰৰ মাজেদি শোভাযাত্ৰা কৰে । সেই পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কুমাৰে পুতেকৰ বিয়াৰ দিনা ৰাতি দৰা কইনাক হাতীৰ পিঠিত উঠাই শোভাযাত্ৰাৰ আয়োজন কৰিলে । 
         সেই চহৰতে চেলিম নামৰ এজন লোকৰ এটা পোহনীয়া হাতী আছিল । কুমাৰে শোভাযাত্ৰাৰ বাবে চেলিমৰ হাতীটোকে বন্দোৱস্ত কৰিলে । 
     দৰা- কইনাক হাতীৰ পিঠিত বহুৱাই গাওঁবাসীয়ে নাচি-বাগি ৰং-ৰহইচ কৰি শোভাযাত্ৰা আৰম্ভ কৰিলে । হঠাতে হাতীটোৱে বিকট চিঞৰ মাৰি ঠাইতে বাগৰি পৰি মৰি  থাকিল । সকলো গাওঁবাসীৰ লগতে কুমাৰে এনে আচন্বিত কাণ্ড দেখি মনত বৰ দুখ পালে । কুমাৰে ততাতৈয়াকৈ চেলিমৰ ওচৰলৈ গ'ল আৰু হাতীটোৰ ক্ষতি পূৰণ দিব খুজিলে । কুমাৰে চেলিমক ক'লে , "তোমাৰ হাতীটোৰ অকস্মাত মৃত্যুৰ বাবে মই বৰ দুখিত । মই তোমাক হাতীটোৰ মূল্য নাইবা অন্য এটা হাতী কিনি দিব বিচাৰো ।" কিন্তু চেলিম ইমানেই অবুজ যে তেওঁ কুমাৰৰ প্ৰস্তাৱ নাকচ কৰি ক'লে , "মই এইবোৰ একো নিবিচাৰোঁ , মোক মোৰ নিজৰ হাতীটো ঘূৰাই লাগিব ।" ইয়াৰ মীমাংশাৰ বাবে চেলিম আদালতৰ দ্বাৰস্থ হ'ল আৰু কুমাৰৰ বিৰুদ্ধে গোচৰ তৰিলে । 
           বিচাৰপতিয়ে বিষয়টো সোধ-পোছৰ বাবে কুমাৰক আদালতলৈ মাতি পঠিয়ালে । কুমাৰে হৈ যোৱা সকলো কাহিনী বিবৰি কোৱাৰ লগতে তেওঁ যে হাতীটোৰ ক্ষতিপূৰণ দিবলৈ ৰাজি সেই কথাও ক'লে । 
       এইবাৰ বিচাৰপতিয়ে চেলিমক মাতি আনি কুমাৰে যে ক্ষতিপূৰণ দিবলৈ ৰাজি আছে সেই কথা বুজাই ক'লে । কিন্তু চেলিমে কোনো কথাই শুনিব নুখোজে আৰু তেওঁ নিজৰ হাতীটোহে ঘূৰাই পাব বিচাৰে বুলি ক'লে । চেলিমৰ কথা শুনি বিচাৰপতিয়ে শুনানি স্থগিত ৰাখি পিছদিনা পুৱা চেলিমক আদালতলৈ মাতিলে । চেলিম গুচি যোৱাৰ পাছত তেওঁ কুমাৰক ক'লে , "কাইলৈ ৰাতিপুৱা তুমি আদালতলৈ আহিব নালাগে । তুমি তোমাৰ ঘৰলৈ সোমাই যোৱা দুৱাৰমুখৰ ভিতৰ ফালে কিছুমান মাটিৰ পাত্ৰ থৈ দুৱাৰখন লাহেকৈ জপাই ভিতৰত সোমাই থাকিবা । চেলিম আদালতলৈ আহিলে মই তেওঁক তোমাক লৈ আহিবলৈ তোমাৰ ঘৰলৈ পঠিয়াই দিম । সি লৰালৰিকৈ গৈ তোমাৰ দুৱাৰখন খোলাৰ লগে লগে মাটিৰ পাত্ৰবোৰ ভাঙি যাব । তেতিয়া তুমি চিঞৰি চিঞৰি চুবুৰীয়াক মাতি ক'বা যে ভঙা পাত্ৰবোৰ তোমাৰ উপৰিপুৰুষৰ মূল্যবান পাত্ৰ আছিল । চেলিমে তেতিয়া তোমাক সেই ধৰণৰ পাত্ৰ পুনৰ ঘূৰাই দিয়াৰ কথা ক'ব । চেলিমৰ কথাত তুমি অমান্তি হৈ বিষয়টো বিচাৰৰ বাবে আদালতলৈ আহিবা ।      পিছদিনা চেলিম আদালতলৈ অহাত আঁঁচনি অনুসৰি চেলিমক কুমাৰৰ ঘৰলৈ পঠিয়াই দিলে । চেলিমে কুমাৰক বিচাৰি কুমাৰৰ ঘৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগে মাটিৰ পাত্ৰবোৰ ভাঙি থাকিল । কুমাৰে আহি আদালতত গোচৰ দিয়াত চেলিমে একে ধৰণৰ নতুন পাত্ৰ কুমাৰক ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিলে । কিন্তু কুমাৰে নতুন পাত্ৰ লোৱাত অমান্তি হয় আৰু তেওঁৰ পূৰ্বপুৰুষৰ চানেকি পুৰণি পাত্ৰবোৰ ঘূৰাই দিয়াৰ কথা কয় ‌। চেলিমে বুজি পালে যে পুৰণি ভঙা পাত্ৰবোৰ ঘূৰাই দিয়াটো অসম্ভৱ । এই ঘটনাৰ পাছত চেলিমে সৈ কাহিলে যে তেওঁৰ হাতীটো ইতিমধ্যে অসুস্থ হৈ আছিল । তেওঁ আচলতে কুমাৰক ঠগিব বিচাৰিছিল । চেলিমৰ স্বীকাৰুক্তিৰ পাছত কুমাৰ আনন্দমনেৰে ঘৰলৈ ঘূৰি গ'ল ।

উৎস :  "ফেমাচ ফক্ টেলচ্ অৱ চাউথ ইন্দিয়া" নামৰ সাধুপুথিখনৰ  "এ ডেড্ এলিফেণ্ট" শীৰ্ষক সাধুটোৰ অসমীয়া অনুবাদ ।