দুই ভাই


         এসময়ত এখন গাঁৱত গুলু আৰু বাবু নামৰ দুই ককাই-ভাই আছিল । কাকায়েক গুলু বৰ লুভীয়া আৰু চতুৰ আছিল । আনহাতে ভায়েক বাবু অতি সৰল আৰু দয়ালু আছিল । বাবু সদায় ককায়েক গুলুৰ কথামতে চলিছিল ।  দুয়ো ককাই-ভাইৰ সম্পত্তি বুলিবলৈ আছিল এখন কম্বল , এজনী গাই আৰু এজোপা ফলৰ গছ । এদিনাখন দুয়ো সিহঁতৰ সকলো সম্পত্তি ভাগ কৰি ল'বলৈ মন কৰিলে । গুলুৰ কথামতে কম্বলখন দিনৰ ভাগত বাবুয়ে আৰু ৰাতিৰ ভাগত গুলুয়ে ব্যৱহাৰ কৰিব পাৰিব । ৰাতি ঠাণ্ডা পৰাৰ সময়ত গুলুয়ে আৰামত কম্বলৰ উম লৈ শুই থাকে । ইফালে বাবুয়ে ৰাতি ঠাণ্ডাত কঁপি কঁপি শুই থাকে । 
        এইবাৰ গাইজনী ভাগ কৰাৰ কথা আহিল । গুলুয়ে সিদ্ধান্ত ল'লে যে গাইজনীৰ মুখৰ ফালটো বাবুৰ ভাগত আৰু পিছ ফালটো গুলুৰ ভাগত পৰিব । সেইমতে গুলুয়ে গাইজনীৰ গাখীৰ খীৰাই বিক্ৰী কৰি অধিক উপাৰ্জন কৰিবলৈ ধৰিলে । আনহাতে গাইজনীৰ মুখৰ ফালটো বাবুৰ ভাগত পৰা বাবে গাইজনীৰ দানা-পানী খুওৱাৰ কামবোৰ বাবুয়ে দায়িত্ব সহকাৰে কৰি গ'ল । 
      গছজোপাৰ ক্ষেত্ৰতো গুলুয়ে একেই বুদ্ধি খটালে । গছজোপাৰ ওপৰৰ ডাল-পাতবোৰ গুলুৰ ভাগত পৰিল আৰু শিপাৰে সৈতে গা-গছজোপা বাবুৰ ভাগত পৰিল । গতিকে গছৰ গুৰিত সাৰ-পানী দিয়াৰ দায়িত্ব বাবুৰ আৰু গছৰ ফল ছিঙি বজাৰত বিক্ৰী কৰি টকা অৰ্জন কৰে গুলুয়ে । 
         এদিনাখন বাবুয়ে তাৰ এই সকলো সমস্যাৰ কথা তাৰ বন্ধু শংকৰৰ লগত আলোচনা কৰিলে । শংকৰ অতি বুধিয়ক ল'ৰা । শংকৰে কেইটামান বুদ্ধি দি বাবুৰ ককায়েক গুলুক এষেকা দিবলৈ মনস্থ কৰিলে । প্ৰথমে শংকৰে বাবুক কম্বলখন দিনত ব্যৱহাৰ কৰি ৰাতি পানীত তিয়াই থ'বলৈ দিলে । সেই নিশা গুলুয়ে ঠাণ্ডাত কঁপি থাকিব লগীয়া হ'ল । পিছদিনা গুলুয়ে গাখীৰ খীৰাই থাকোতে বাবুয়ে খেৰ এডালেৰে গাইজনীৰ নাকত সুৰসুৰাই দিলে ।  লগে লগে গাইজনীয়ে গাখীৰ খীৰাই থকা গুলুক লঠিয়াই দিলে । গুলুয়ে বাবুক ধমক দিয়াত বাবুয়ে উত্তৰ দিলে , গাইজনীৰ মুখৰফালটো যিহেতু মোৰ , গতিকে মোৰ যি ইচ্ছা মই তাকে কৰিব পাৰো । 
            সেইদিনা আবেলি পৰত গুলুয়ে গছৰ ডালত বহি ফল চিঙি আছিল । সেই সময়তে বাবুয়ে এখন কুঠাৰেৰে গছডাল কাটিবলৈ ধৰিলে । তাকে দেখি গুলুয়ে চিঞৰিবলৈ ধৰিলে , বাবু তুমি কি কৰিছা ? তুমি গছজোপা কাটি দিলে ই বাগৰি পৰিব আৰু আমি ইমান সুস্বাদু ফলবোৰ কেতিয়াও খাবলৈ নাপাম । বাবুয়ে হাঁহি এটা মাৰি ক'বলৈ ধৰিলে , কিন্তু গছৰ গুৰিটো যিহেতু মোৰ গতিকে মোৰ যি ইচ্ছা মই তাকে কৰিব পাৰোঁ । গুলুয়ে বুজি পালে যে তাৰ ভায়েক বাবু সি ভবাৰ দৰে বুৰ্বক নহয় । সি লাহেকৈ গছৰপৰা নামি আহিল আৰু  ভায়েকক ক'লে , বাবু আমি আমাৰ আগৰ বন্দোৱস্ত সলনি কৰা উচিত । বাবু সন্মত হ'ল । সিহঁতে সিদ্ধান্ত ল'লে যে কম্বলখন এদিন বাদে এদিন দুয়োটাই ব্যৱহাৰ কৰিব । গাইজনী আৰু গছজোপা দুয়ো সমানেই চোৱা-চিতা কৰিব আৰু গাখীৰ ,ফলমূল দুয়ো সমানে ভগাই ল'ব । এই সিদ্ধান্তত দুয়ো সমানে সন্তুষ্ট হ'ল আৰু দুয়ো সুখে -সন্তোষে বাস কৰিবলৈ ধৰিলে ।