জৰাসন্ধৰ জন্ম

 
            প্ৰাচীন মগধ ৰাজ্যৰ এজন ৰজাৰ নাম আছিল বৃহদ্ৰথ । সেই সময়ত কাশী ৰজাৰ দুজনী যমজ কন্যা আছিল । বৃহদ্ৰথে কাশীৰজাৰ এই দুই কন্যাক বিবাহ কৰাইছিল । বহু দিনলৈকে ৰজা বৃহদ্ৰথ নিঃসন্তান হৈ আছিল । এদিনাখন গৌতম ঋষিৰ পুত্ৰ কৌশিক মুনি বৃহদ্ৰথৰ ৰাজ্যলৈ আহিল । ৰজাৰ সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ ঋষিয়ে ৰজা বৃহদ্ৰথক সন্তান প্ৰাপ্তিৰ বৰদান দি তেওঁৰ হাতত এটা আম দিলে । ঋষিয়ে ৰজাক ক'লে , "এই আমটো ন আপুনি  ৰাণীক খাবলৈ দিব । এই আম খোৱাৰ পাছত ৰাণী গৰ্ভৱতী হৈ তেওঁৰ এটা পুত্ৰ সন্তান জন্ম হ'ব ।" 
        ঋষিৰ কথামতে ৰজাই আমটো লৈ আহি সমানে দুভাগ কৰি দুগৰাকী ৰাণীক খাবলৈ দিলে । আম খোৱাৰ পিছত দুয়োগৰাকী ৰাণী গৰ্ভৱতী হ'ল । যথা সময়ত দুয়ো ৰাণীয়ে দুটা আচৰিত সন্তান জন্ম দিলে । ঋষিয়ে দিয়া আমটো ভগাই খোৱা বাবে দুয়ো ৰাণীয়ে মানুহৰ আকৃতিৰ এগৰাকী গৰ্ভৰপৰা এফাল আৰু আনগৰাকীৰ গৰ্ভৰপৰা এফাল পুত্ৰ সন্তান জন্ম দিলে । সন্তান দুটা দেখি  ৰজাই কোনেও  গম নোপোৱাকৈ মনে মনে ৰাজ কাৰেঙৰ পৰা আঁতৰত পেলাই দিবলৈ আদেশ দিলে । সন্তান দুটা পেলাই দিয়া ঠাইত জৰা নামৰ এজনী ৰাক্ষসী আছিল । মানুহৰ মাংসৰ গোন্ধ পাই জৰা আহি সেই ঠাই পালেহি । জৰাই মায়া বলেৰে এই দুই ফাল মানৱ আকৃতিক লগ লগাই দিয়াত এটা সুন্দৰ দেৱশিশুৰ ৰূপ ল'লে । জৰা ৰাক্ষসীয়ে শিশুটো ৰজাৰ ওচৰলৈ লৈ গ'ল । জৰা নামৰ ৰাক্ষসীয়ে সংযোগ কৰি শিশুটো জীয়াই তোলাৰ বাবে ৰজা বৃহদ্ৰথে শিশুটিৰ নাম থ'লে জৰাসন্ধ । ডাঙৰ হৈ জৰাসন্ধ মহা পৰাক্ৰমী ৰজা হৈ পৰিল । তেওঁৰ আমোলত মগধ এক শক্তিশালী ৰাজ্য হিচাবে পৰিগণিত হৈ পৰিল ।  শ্ৰীকৃষ্ণৰ কু অভিসন্ধিৰ বাবে  কুৰুক্ষেত্ৰ যুদ্ধত মহা পৰাক্ৰমেৰে যুজঁ দিয়া জৰাসন্ধই ভীমৰ হাতত মৃত্যুবৰণ কৰিব লগা হয় । তিনি দিন ধৰি ভীমৰ লগত জৰাসন্ধৰ তয়াময়া যুদ্ধ চলিছিল ।  জৰাসন্ধৰ হাতত ভীমৰ বিপৰ্যয় প্ৰত্যক্ষ কৰি শ্ৰীকৃষ্ণই ভীমক এটা বিৰিণাৰ পাত দুফাল কৰি দেখুৱালে ।  দুভাগ হৈ জন্মলাভ কৰা মহা পৰাক্ৰমী জৰাসন্ধক শ্ৰীকৃষ্ণৰ দিহা মতে ভীমে অৱশেষত দুভাগ কৰি মাৰি পেলায় ।