অহংকাৰ আৰু ঐশ্বৰ্য


             এবাৰ এজন ধনী সোণাৰী আৰু এজন লোহাৰ বেপাৰীয়ে ব্যৱসায়িক কামৰ বাবে একেলগে যাত্ৰা আৰম্ভ কৰিলে । তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত মালপত্ৰ বোজাই কৰি ল'লে । সোণাৰীৰ গাধটোৱে পিঠিত পাৰি দিয়া মখমলৰ কাপোৰৰ ওপৰত  সোণৰ মোহৰ আৰু বহুমূলীয়া ৰত্ন ভৰ্তি দুটা বস্তা কঢ়িয়াই লৈ গৈছিল । ইয়াৰ বিপৰীতে লোহাৰ বেপাৰী জনৰ গাধটোৰ পিঠিত পাৰি দিয়া হৈছিল এখন সাধাৰণ বস্তা । সি কঢ়িয়াই নিব লগা হৈছিল দুটা গধুৰ লোৰ সামগ্ৰী থকা বস্তা । মূল্যৱান সামগ্ৰী কঢ়িয়াই নিয়া সোণাৰীৰ গাধটো সেয়ে বৰ অহংকাৰী হৈ পৰিছিল । আনহাতে লোহাৰ বেপাৰীৰ গাধটো বৰ নম্ৰ স্বভাৱৰ আছিল ।
         এটা সময়ত সিহঁত গৈ এখন হাবিৰ মাজত সোমাল । হাবিৰ মাজত এটা ডকাইতৰ দলে সিহঁতক আগভেটি ধৰিলে । ডকাইত দেখা পাই সোণাৰী আৰু লোহাৰ বেপাৰীয়ে গাধ দুটা তাতে এৰি থৈ পলাই পত্ৰং দিলে । ডকাইতে দুয়োটা গাধৰ পিঠিত থকা বস্তাদুটা খুলিবলৈ ধৰিলে । লোহাৰ বেপাৰীৰ গাধটোৰ পঠিত থকা বস্তাদুটাত বিশেষ মূল্যৱান বস্তু নোপোৱাত তাক যাবলৈ এৰি দিলে । 
       তাৰ পাছত ডকাইতে সোণাৰীৰ অহংকাৰী গাধটোৰ পিঠিত বোজাই কৰি অনা বস্তাদুটা খুলিবলৈ যত্ন কৰিলে । সেই সময়তে গাধটোৱে পলাবলৈ চেষ্টা কৰাত ডকাইতে তাক অতি বেয়াকৈ কোবালে । 
        তেতিয়াহে গাধটোৱে বুজি পালে যে অহংকাৰ আৰু ঐশ্বৰ্যই জীৱনলৈ বিপদ মাতি আনে ।

উৎস : 'বেষ্ট অৱ্ গ্ৰেণ্ডপা'জ টেলচ্' নামৰ সাধুকথাৰ পুথিখনৰ 'প্ৰাইড এণ্ড ওৱেল্ঠ' নামৰ সাধুটোৰ অসমীয়া ভাঙনি ।