দুটা ভাটৌৰ সাধু
জহকালিৰ এদিন আবেলি পৰত এজন সদাগৰে এখন হাবিৰ মাজেৰে খোজকাঢ়ি গৈ আছিল । বহুদূৰ খোজ কাঢ়ি ভাগৰ লগাত তেওঁ এজোপা গছৰ তলত জিৰণি লবলৈ বহিল । সেই সময়তে গছজোপাৰ ওপৰৰপৰা এটা মাত শুনিলে, "মই তোক মুচৰি মাৰি পেলাই টুকুৰা টুকুৰকৈ কাটি পেলাম ।" এনে ভয়ানক মাত শুনি সদাগৰ ঘপককৈ বহাৰপৰা থিয় হৈ চাৰিওফালে চাবলৈ ধৰিলে । এটা অতি ধুনীয়া ভাটৌ চৰাই গছৰ ডালত বহি থকা তেওঁ দেখা পালে । ভাটৌটোৱে সেই একেখিনি কথাকেই পুনৰ ক'বলৈ ধৰিলে । তাকে শুনি ভয়তে সদাগৰে লৰালৰিকৈ সেই ঠাই ত্যাগ কৰি কিছু দূৰৈৰ অন্য এজোপা গছৰ তলত গৈ বহিল ।
গছজোপাৰ তলত বহি লৈ সদাগৰে ওপৰলৈ চাই দেখিলে আগৰ চৰাইটোৰ দৰেই এটা ধুনীয়া ভাটৌ চৰাই গছৰ ডালত বহি আছে । তেওঁক দেখা পাই চৰাইটোৱে ক'বলৈ ধৰিলে "আহক,বহক, জিৰণি লওক । গাখীৰ বা ফল-মূল কি খাব আপুনি?" সদাগৰ আচৰিত হ'ল আৰু ভাবিলে, "সাইলাখ একে দুটা ভাটৌ চৰাই অথচ সিহঁতৰ ব্যৱহাৰত ইমান পাৰ্থক্য ।"
কিছু সময়ৰ পাছতে চৰাইটো উৰি গুচি গল । সদাগৰে চৰাইটো নো ক'ত গল তাকে চাবলৈ উঠি অলপ দূৰ আগবাঢ়ি গল । গছজোপাৰ কিছু দূৰত এখন আশ্ৰম আছিল । চৰাইটো সেই আশ্ৰমত সোমাই যোৱা দেখি সদাগৰো আশ্ৰমখনলৈ সোমাই গ'ল । তাত তেওঁ দেখিলে এজন সন্যাসীয়ে এজোপা গছৰ তলত বহি একান্তমনে ধ্যান কৰি আছে । চৰাইটো আহি সেই গছজোপাৰ ওপৰতে বহি আছে । সদাগৰক দেখি ভাটৌ চৰাইটোৱে পুনৰ কবলৈ ধৰিলে, "আহক,বহক,জিৰণি লওক , অলপ গাখীৰ খাবনে আপুনি?"
এনেতে সন্যাসীয়ে চকু মেলি চাই সদাগৰক দেখা পাই সম্ভাসন জনাই ভিতৰলৈ মাতি আনিলে । সদাগৰে সন্যাসীৰ ভৰি চুই সেৱা জনালে আৰু ক'লে,"প্ৰভূ, মই হাবিৰ সিফালে থকা চহৰখনলৈ বেপাৰ কৰিবলৈ আহোতে এটা বৰ আচৰিত অভিজ্ঞতা হল । মই এজোপা গছৰ তলত বহি জিৰণি লোৱাৰ সময়ত এটা ভাটৌৱে মোক বৰ কৰ্কশ মাতেৰে কথা কলে । সেয়ে মই তাৰপৰা উঠি আহি বেলেগ এজোপা গছৰ তলত আহি বহিলো । সেইজোপা গছৰ ডালতো এটা ভাটৌ আছিল । পিছে সি বৰ মিঠা ভাষাৰে মোক সম্ভাসন জনালে । মই সেই চৰাইটোকে অনুসৰণ কৰি আহি আপোনাৰ আশ্ৰম পালোহি । সাইলাখ একে দুটা চৰাইৰ ব্যৱহাৰৰ ইমান পাৰ্থক্যৰ কাৰণ আপুনি কিবা জানেনে ,প্ৰভূ ?"
সন্যাসীয়ে উত্তৰ দিলে, "হে বৎস, এই দুয়োটা চৰাই একেজনী মাকৰপৰাই জন্ম পাইছে । পোৱালি অৱস্থাতে সিহঁতৰ এটাক চিকাৰীয়ে ধৰি ঘৰলৈ লৈ গুচি যায় । আৰু আনটো পোৱালি উৰি আহি মোৰ আশ্ৰম পায়হি । তেতিয়াৰপৰা সি ইয়াতেই আছে । চিকাৰীৰ লগত থকা ভাটৌটোৱে চিকাৰীয়ে যি ধৰণেৰে কথা বতৰা কয় সি তাকে নকল কৰিবলৈ ধৰে । আনহাতে আশ্ৰমত থাকিবলৈ লোৱা ভাটৌটোৱে আশ্ৰমবাসীৰপৰা অমায়িক ব্যৱহাৰ শিকিবলৈ লয় ।"
নীতিশিক্ষা: জন্মতে কোনো ভাল বা বেয়া হৈ জন্ম নলয় । এই সকলো নিৰ্ভৰ কৰে পৰিবেশৰ ওপৰত ।