
এসময়ত ঘটোৎকচ নামৰ এজন ৰাক্ষস বীৰ আছিল টেকেলিৰ নিচিনা পেট আৰু ওপজাৰ সময়ত মূৰত চুলি নথকাৰ বাবেই ভীমৰ এইজন পুত্ৰৰ নাম ৰখা হৈছিল ঘটোৎকচ। এওঁ বৰ ডাঙৰ ৰাক্ষস বীৰ আছিল। হিড়িম্বা নামৰ ৰাক্ষসী আৰু দ্বিতীয় খাণ্ডৱ ভীমৰ সন্তান এওঁ। মাতৃ কুন্তীৰ স’তে পাঁচ পাণ্ডৱে বাৰ বছৰ বনবাস খাটিবলগা হৈছিল। সেই সময়ছোৱাত ঘটোৎকচৰ জন্ম হয়। এওঁ কুৰুক্ষেত্ৰ যুদ্ধত পিতৃ ভীম আৰু তেওঁৰ পৰিয়ালৰ আনসকলৰ হৈ যুদ্ধ কৰিছিল। এওঁৰ দেহৰ গঠন বৰ ডাঙৰ আছিল। সেয়ে কুৰুক্ষেত্ৰ যুদ্ধত তেওঁ এফালৰ পৰা কুৰু সৈন্যক মাৰি যাব পাৰিছিল। শেষত উপায় নাপাই কৰ্ণই তেওঁ শক্তিপাট শৰেৰে মাৰি পেলাইছিল। এই শক্তিপাট শৰ কৰ্ণই হেনো অৰ্জুনক মাৰিবৰ কাৰণেহে ৰাখিছিল। যুদ্ধক্ষেত্ৰত শৰ মাৰি বধ কৰা ঘটোৎকচ মাটিত বাগৰি পৰিছিল। তেওঁ পৰি যোৱাত শ শ কুৰূ সৈন্য মৃত্যুমুখত পৰিছিল। মহাভাৰতত এনেকুৱা বহু বীৰৰ কাহিনী আছে। সেইবোৰ সময়-সুবিধা পালে পঢ়িবাচোন।