দিনটো চিপচিপকৈ বৰষুণ আহি আছে। নীল আৰু ৰাণী ঘৰৰ পৰা খেলিবলৈ ওলাব পৰা নাই। এনেকৈ বৰষুণ দি থাকিলে সিহঁতৰ বৰ আমনি লাগে। তাতে আকৌ স্কুলৰ গৰম বন্ধ চলিছে।
কৰিবলৈ কাম নোহোৱাত সিহঁতে ঘৰৰ ভিতৰতে কাজিয়া কৰি হুলস্থুল কৰি আছে।
সিহঁতে হাই উৰুমি কৰি থকা দেখি মাক ৰমলাই দুয়োকে ধমক দিলে। তেওঁ মনোযোগেৰে কিতাপ এখন পঢ়ি আছিল। “তহঁত দুটাৰ উত্পাতত কাম এটা শান্তিৰে কৰিব নোৱাৰি”, তেওঁ খঙতে ভোৰভোৰালে।
ৰমলাই ল’ৰা ছোৱালী কেইটাক ধমক দিয়া শুনি ককাক জনাৰ্দন মহন্ত কোঠাৰ পৰা ওলাই আহিল।
“দেউতা, ইহঁত হালক চাওকচোন। দিনটো কেৱল এটাই আনটোৰ লগত লাগি থাকিব। বৰষুণৰ কাৰণে খেলিবলৈকো ওলাই যাব পৰা নাই। মই ইহঁতক চম্ভালিব নোৱৰা হৈছোঁ”। ৰমলাই অভিযোগ দিলে।
ককাকে হাঁহিলে।
নীল আৰু ৰাণীলৈ চাই ৰমলাই ক’লে, “ককা বহুদিনৰ মূৰত আমাৰ ইয়ালৈ আহিছে। তহঁতে ককাৰ লগত বহি সাধুকথা নুশুন কিয়? ককাই বহুত সাধুকথা জানে। ককাই পঢ়া পুথিত বহুত সাধু আছে"।
"ককা, হয়নে? তুমি পঢ়া পুথিত বহুত সাধু আছে নেকি? আমাক সাধু ক’বানে”? ৰাণীয়ে মৰমলগাকৈ সুধিলে।
“অ’ আছে। আহ, আহ। মই তহঁতক সাধু শুনাম”। ককাকে হাঁহি মাৰি ক’লে। দুয়োটা ল’ৰা ছোৱালী কিৰিলি পাৰি উঠিল।
“মা, আমি অভি আৰু প্ৰীতিকো মাতি দিওঁ নেকি? সিহঁতো কিজানি এই বৰষুণত ঘৰতে ব’ৰ হৈ আছে। সিহঁতেও সাধু শুনি ভাল পাব”। নীলে ক’লে।
অভি আৰু প্ৰীতি কাষৰ ঘৰত থাকে। অভি নীলৰ লগত আৰু প্ৰীতি ৰাণীৰ লগত একেলগে পঢ়ে। অভি আৰু নীল সপ্তম মানত, ৰাণী আৰু প্ৰীতি চতুৰ্থ মানত পঢ়ে। আটাইকেইটা একে ঘৰৰ ল’ৰা ছোৱালীৰ নিচিনা।
মাকৰ অনুমতি পাই নীলে বাহিৰলৈ ওলাই চিঞৰি অভি আৰু প্ৰীতিক মাতিলে। “তহঁত আহি যা। আজি ককাই আমাক সাধুকথা ক’ব”।
অলপ পিছতে অভি আৰু প্ৰীতি আহি পালে। আটাইকেইটা ল’ৰা ছোৱালী ককাকৰ ওচৰলৈ আহিল। “ককা, এতিয়া আমাক সাধু ক’বানে”? নীলে সুধিলে।
“আহ, বহ। তহঁতে কি সাধু শুনিবি”? ককাকে আটাইকেইটাৰ মুখলৈ চাই সুধিলে।
ল’ৰা ছোৱালী কেইটাই এটাই আনটোৰ মুখলৈ চালে।
“ককা, আমাক ভগৱানৰ কাহিনী কোৱা”। ৰাণীয়ে ক’লে।
“নহয় ককা, আমাক যুদ্ধৰ কাহিনী কোৱা। আগৰ দিনৰ যুদ্ধৰ কাহিনীবোৰ বৰ ভাল লাগে। ৰাম-ৰাৱণৰ যুদ্ধৰ কথা আমি পঢ়া কিতাপতো পাইছোঁ”। নীলে ক’লে।
“ককা, আমাক কৃষ্ণৰ সাধু কোৱা”, প্ৰীতিয়ে ক’লে।
“হ’ব, হ’ব। আজি মই তহঁতক ভগৱানৰ কাহিনীও ক’ম, যুদ্ধৰ কাহিনীও ক’ম। হ’বনে”? ককাকে আটাইকে ওচৰলৈ মাতি ক’লে।
“বঢ়িয়া হ’ব ককা”, আটাইকেইটাই হাত চাপৰি মাৰি ককাকক ঘেৰি লৈ বহিল।
“তহঁতে মহাভাৰতৰ যুদ্ধৰ কথা শুনিছনে”?
“শুনিছোঁ ককা। কৌৰৱ আৰু পাণ্ডৱৰ মাজত মহাভাৰতৰ যুদ্ধ হৈছিল”, অভিয়ে তপৰাই ক’লে।
"আজি মই তহঁতক মহাভাৰতৰ এটা সাধু ক'ম। এই সাধুত ভগৱান শ্ৰীকৃষ্ণৰ কথাও আছে, মহাভাৰতৰ যুদ্ধৰ কথাও আছে"। ককাকে ক'লে।
"ককা, মহাভাৰতৰ যুদ্ধৰ কথা আমি জানোৱেই। বেলেগ যুদ্ধৰ সাধু কোৱানা"। নীলে অনুৰোধ কৰি ক'লে।
"মই পঢ়া পুথিখনত পিছে মহাভাৰতৰ যুদ্ধৰ কথাহে আছে। তহঁতে কৌৰৱ আৰু পাণ্ডৱৰ বিষয়ে কি জান ক'চোন"। ককাকে ক'লে।
“আমি কিতাপত পাইছোঁ ককা,কৌৰৱ আৰু পাণ্ডৱ সকল ভাই ককাই আছিল, মানে ইংৰাজীত যে ‘কাজিন’ বুলি কয়”। অভিয়ে ক'লে।
“পাণ্ডৱ আৰু কৌৰৱ মানে কি? ককা, ভালদৰে বুজাই কোৱাচোন”, প্ৰীতিয়ে কথাবোৰ ভালদৰে বুজি পোৱা নাছিল।
“ধেৎ আঁকৰী। পাণ্ডৱ আৰু কৌৰৱৰ কথাও নাজাননে?”, অভিয়ে ভনীয়েকক ভেকাহি মাৰি উঠিল।
“মই কওঁ শুন। পাণ্ডৱ আছিল পাঁচজন ভাই ককাই - যুধিস্থিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোক আছিল পাণ্ডু ৰজাৰ পুত্ৰ। পাণ্ডু ৰজাৰ ককায়েক আছিল ধৃতৰাষ্ট্ৰ। ধৃতৰাষ্ট্ৰ জন্মৰে পৰা অন্ধ আছিল। ধৃতৰাষ্ট্ৰৰ এশ জন পুত্ৰ আছিল। সেই পুত্ৰ সকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল দুৰ্যোধন। সেই এশজনক কৌৰৱ বোলা হয়”। ককাকে বুজাই দিলে।
“কিন্তু ককা, তেওঁলোক যদি ভাই ককাই আছিল, তেনেহ’লে তেওঁলোকে নিজৰ মাজতে যুদ্ধ কিয় কৰিছিল”? ৰাণীয়ে সুধিলে।
“যুদ্ধ কৰাটোতো ভাল কথা নহয় ককা”, প্ৰীতিয়ে মাত লগালে।
“যুদ্ধ কৰাটো ভাল কথা নহয় । কিন্তু কেতিয়াবা মানুহে সত্য আৰু ন্যায় ৰক্ষা কৰিবৰ বাবে, নিজৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে যুদ্ধ কৰিবলগীয়া হ’ব পাৰে”। ককাকে ক’লে।
“কি অধিকাৰ ককা? মই বুজি পোৱা নাই”, অভিয়ে মাত লগালে।
“যদি কোনোবাই তহঁতৰ অন্যায় কৰে, তহঁতক প্ৰাপ্যৰ পৰা বঞ্চিত কৰে, তহঁতক বিনা কাৰণত ঘৰৰ পৰা উলিয়াই দিয়ে, তহঁতক হত্যা কৰিব বিচাৰে তেতিয়া তহঁতে কি কৰিবি”? ককাকে সুধিলে।
নাতিহঁতে আকৌ এজনে আনজনলৈ চালে।
“আমি পুলিচৰ ওচৰলৈ যাম ককা”, অভিয়ে ক’লে।
“ঠিকেই কৈছ। আমি পুলিছৰ ওচৰলৈ যাম, চৰকাৰৰ ওচৰলৈ যাম। পুলিছে আমাৰ অন্যায় কৰা মানুহবোৰক শাস্তি দিব নহয়নে”?
“হয় ককা। পুলিছে সিহঁতক জেলত ভৰাই থব। সিহঁতক শাস্তি দিব”। ৰাণীয়ে ক’লে।
“কিন্তু পুলিছে যদি তহঁতৰ কথা নুশুনে, উচিত বিচাৰ নকৰে, দুষ্ট কেইটাক যদি শাস্তি নিদিয়ে? পুলিছে যদি সিহঁতৰ লগ হৈ লয়, তেতিয়া কি কৰিবি”? ককাকে মূৰটো তল কৰি চশমাৰ ওপৰেৰে চাই সুধিলে।
নাতিহঁতে এজনে আনজনলৈ চালে।
“তেতিয়া আমি কি কৰিম ককা”? প্ৰীতিয়ে সুধিলে।
"পুলিছে একো নকৰিলেও আমি কিন্তু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাবই লাগিব। কাৰণ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো আমাৰ সকলোৰে কৰ্তব্য। অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ প্ৰয়োজন হ'লে অন্যায়ৰ বিৰুদ্ধে যুদ্ধও কৰিব লাগিব”। ককাকে বুজাই দিলে।
"পাণ্ডৱ সকলে কৌৰৱ সকলৰ লগত সেই কাৰণেই যুদ্ধ কৰিছিল, নহয়নে ককা", অভিয়ে মাত লগালে।
"এৰা, কৌৰৱ সকলে পাণ্ডৱ সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছিল, তেওঁলোকৰ বহুত অন্যায় কৰিছিল। পাণ্ডৱ সকলেও প্ৰথমতে যুদ্ধ কৰিবলৈ বিচৰা নাছিল। তেওঁলোকে ন্যায় বিচাৰিছিল। কিন্তু শেষত কোনো উপায় নোহোৱাত অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰাটো আৱশ্যকীয় হৈ পৰিল”। ককাকে ক’লে।
“কৌৰৱ সকলে পাণ্ডৱ সকলৰ কি অন্যায় কৰিছিল ককা? কি অত্যাচাৰ কৰিছিল”? ৰাণীয়ে সুধিলে।
“পাণ্ডৱ সকলৰ এখন ৰাজ্য আছিল। ৰাজ্যখনৰ নাম আছিল ইন্দ্ৰপ্ৰস্থ। কৌৰৱ সকলে বুদ্ধি কৰি, অন্যায় কৰি সেই ইন্দ্ৰপ্ৰস্থ দখল কৰি পাণ্ডৱ সকলক বনলৈ পঠিয়াইছিল"। ককাকে ক'লে।
"আমি কিতাপত পাইছো নহয় ককা। যুধিস্থিৰক অন্যায় কৰি পাশা খেলত হৰুৱাই দুৰ্যোধন আৰু তেওঁৰ ভায়েক সকলে বনলৈ পঠিয়াইছিল। আৰু বনৰ পৰা ঘূৰি অহাৰ পিছত পাণ্ডৱ সকলে যেতিয়া ৰাজ্য ঘূৰাই বিচাৰিলে তেতিয়া কৌৰৱ সকলে ৰাজ্য ঘূৰাই নিদিওঁ বুলি ক’লে", নীলে মাত লগালে।
"ইছ ৰাম। কিয় তেনেকৈ ক'লে"? ৰাণীয়ে সুধিলে।
"কৌৰৱ সকলে পাণ্ডৱ সকলক খুব বেয়া পাইছিল। তেওঁলোকক প্ৰতাৰণা কৰিব বিচাৰিছিল। পাণ্ডৱ সকলে ৰাজ্য নিদি পাঁচখন গাওঁ দিলেও হ’ব বুলি ক’লে। কিন্তু কৌৰৱ সকলৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনে পাণ্ডৱক বেজীৰ আগৰ সমান মাটিও নিদিওঁ বুলি ক’লে”। ককাকে ক'লে
“তাৰমানে কৌৰৱে পাণ্ডৱ সকলক সঁচাকৈয়ে বেয়াকৈ ঠগিলে”। প্ৰীতিয়ে মাত লগালে।
“ঠগিলে তো ঠগিলেই। ইয়াৰ উপৰিও কৌৰৱ সকলে পাণ্ডৱ সকলক মাৰি পেলাবলৈ বহুত বুদ্ধি কৰিছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত তেওঁলোক বাচি গ’ল। নহয় জানো ককা", অভিয়ে মাত লগালে।
“ককা, ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ বন্ধু আছিল, নহয় জানো”? নীলে ক’লে।
“হয়, ঠিকেই কৈছ। শ্ৰীকৃষ্ণ অৰ্জুনৰ পৰম মিত্ৰ আছিল। শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি আছিল। মানে অৰ্জুনৰ ৰথখন চলাইছিল”। ককাকে ক’লে।
“ককা, আমাক এতিয়া যুদ্ধ খনৰ কথা ভালকৈ কোৱাচোন, যুদ্ধত কি কি হৈছিল”। নীলে ককাকৰ কাষ চাপি সুধিলে।
“যুদ্ধৰ প্ৰথম দিনৰ কথাই কওঁ শুন। সেইদিনা কুৰুক্ষেত্ৰ নামৰ ডাঙৰ পথাৰ এখনত কৌৰৱ আৰু পাণ্ডৱ সকল মুখামুখিকৈ যুদ্ধৰ বাবে সাজু হৈছিল। কৌৰৱৰ পিনে আছিল কৌৰৱ ভাতৃ সকলৰ উপৰিও ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, কৰ্ণ আদিৰ দৰে বীৰ যোদ্ধা। সেইদৰে পাণ্ডৱৰ পিনে আছিল পঞ্চ পাণ্ডৱৰ উপৰিও ধৃষ্টদুম্ন, বিৰাট, সাত্যকি, অভিমন্যু আদিৰ দৰে বীৰ। সেই সময়ত শংখ বজাই যুদ্ধৰ আৰম্ভণি কৰা হৈছিল। সকলোৱে নিজৰ নিজৰ শংখ বজাই যুদ্ধৰ আৰম্ভণি ঘোষণা কৰিছিল”। ককাকে কৈ গ'ল।
“মানে আজিকালে যে কিবা বিপদ হ’লে চাইৰেন বজায়, তেনেকুৱা কথা”। নীলে মাত লগালে।
“অ’ তেনেকুৱাই। সকলোৱে নিজৰ নিজৰ শংখ বজাওঁতে শংখৰ মাত হেনো ইমানেই জোৰেৰে ওলাইছিল যে কুৰুক্ষেত্ৰত সমবেত হোৱা সকলোৰে বকু কঁপাই তুলিছিল”।
নাতিহঁতে আগ্ৰহেৰে ককাকৰ মুখলৈ চালে।
“তাৰ পিছত কি হ’ল ককা”। সকলোৰে জানিবলৈ উত্সুকতা বাঢ়ি গ’ল।
“যেতিয়া যুদ্ধ কৰিবলৈ দুয়োপক্ষ সাজু হৈ উঠিল, সেই সময়তে হঠাতে অৰ্জুনে শ্ৰীকৃষ্ণক ক’লে – সখা, মোৰ ৰথখন দুয়োপক্ষৰ মাজলৈ লৈ ব’লা। মই ওচৰৰ পৰা চাব বিচাৰিছোঁ মই কাৰ কাৰ লগত যুদ্ধ কৰিব লাগিব”।
“অৰ্জুনে কিয় তেনে কৰিলে ককা”? অভিয়ে সুধিলে।
"যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে কিয় কাৰ লগত যুদ্ধ কৰিব সেই মানুহবোৰক চাব বিচাৰিলে"? নীলে সুধিলে।
“কুৰুক্ষেত্ৰ বৰ ডাঙৰ ইপাৰ-সিপাৰ ভালদৰে মণিব নোৱৰা পথাৰ আছিল। দূৰৰ পৰা অৰ্জুনে প্ৰতিপক্ষৰ যোদ্ধা সকলক ভালদৰে দেখা নাছিল। সেইকাৰণে কৌৰৱৰ পক্ষতনো কোনে কোনে যুদ্ধ কৰিবলৈ আহিছে চাই লবলৈ তেওঁৰ মন গ’ল। অৰ্জুনৰ কথামতে শ্ৰীকৃষ্ণই ৰথখন চলাই নি দুয়োপক্ষৰ মাজলৈ নি ৰখাই দিলে”। ককাকে ক'লে।
“অৰ্জুনে কি দেখিলে ককা”, ৰাণীয়ে সুধিলে।
“অৰ্জুনে দেখিলে তেওঁ যিসকলৰ লগত যুদ্ধ কৰিব লাগিব, সকলোৱে তেওঁৰ অতি পৰিচিত, অতি আপোন মানুহ"। ককাকে ক'লে।
"আপোন মানুহ মানে"? প্ৰীতিয়ে সুধিলে।
"কৌৰৱৰ সেনাপতি আছিল ভীষ্ম পিতামহ। ভীষ্মৰ কোলাত উঠি অৰ্জুনহঁত ডাঙৰ হৈছিল। তেওঁ আছিল অৰ্জুনৰ অতি আপোন আৰু পৰিয়ালৰ সকলোৰে অতি সন্মানীয় ব্যক্তি। ইয়াৰ উপৰিও অৰ্জুনে তেওঁৰ শিক্ষাগুৰু দ্ৰোণাচাৰ্যক দেখা পালে, যিজনে তেওঁক হাতত ধৰি যুদ্ধ কৰিবলৈ শিকাইছিল। অৰ্জুন দ্ৰোণাচাৰ্যৰ আটাইতকৈ প্ৰিয় ছাত্ৰ আছিল। আকৌ দেখা পালে কুলগুৰু কৃপাচাৰ্যক, যিজনৰ আশীৰ্বাদ লৈহে পৰিয়ালত মাংগলিক কাৰ্য অনুস্থিত হৈছিল। লগতে দেখা পালে অনেক সম্বন্ধীয় লোকক যিসকলৰ লগত ওমলি জামলি তেওঁলোক ডাঙৰ দীঘল হৈছিল, যিবোৰ তেওঁৰ সন্মানীয় নতুবা মিত্ৰ আছিল"। ককাকে কৈ গ'ল।
"তেওঁলোকে নিজৰ ভাই ককাইৰ মাজত যুদ্ধ কৰিলে এনেকুৱাতো হ'বই", নীলে ক'লে।
"অৰ্জুনে ভাবিলে তেওঁ এনে লোক সকলৰ লগত যুদ্ধ কৰিবলৈ ওলাইছে, যিসকলৰ লগত তেওঁৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। পিতামহ, শিক্ষাগুৰু, কুলগুৰুৰ লগতে নিজৰ ভাই, ভতিজা, খুৰা, মামা, বন্ধু সকলক কৌৰৱ বাহিনীত দেখি অৰ্জুনৰ মনটো খুব বেয়া লাগিল। নিজৰ আপোন মানুহবোৰৰ লগত যুদ্ধ কৰিবলগীয়া হোৱা কথাটোৱে তেওঁৰ মনত বৰ আঘাত দিলে”।
“ইছ ৰাম। হয়তো। আপোন মানুহ বোৰৰ লগত যুদ্ধ কৰিব লগীয়া হ’লে সকলোৰে এনে অৱস্থাই হ’ব, নহয়নে ককা”। ৰাণীয়ে ক’লে।
“অৰ্জুনৰ যি অৱস্থা হৈছিল, সকলো মানুহৰে হয়তো তেনে অৱস্থাই হ’ব। তেওঁৰ মুখ শুকাই গ’ল, হাত ভৰি কঁপিবলৈ ধৰিলে, হাতৰ ধনুখন পৰি যাওঁ যাওঁ হ’ল। তেওঁ শ্ৰীকৃষ্ণক ক’লে যে নিজৰ পৰিয়ালৰ মানুহক হত্যা কৰি লাভ কৰা ৰাজ্য তেওঁক নালাগে। পৰিয়ালৰ আপোনজন, পূজনীয় জনক, গুৰুজনক হত্যা কৰি তেওঁ পাপৰ ভাগী হ’বলৈ নিবিচাৰে। এনে পাপ কৰিলে তেওঁ নৰকগামী হ’ব লাগিব। তাতকৈ তেওঁ বিনাযুদ্ধে কৌৰৱৰ ওচৰত আত্মসমৰ্পন কৰি উভতি যাবলৈ ভাল পাব”।
“ককা, অৰ্জুনে সঁচাকৈয়ে যুদ্ধ এৰি গুচি যাব বিচাৰিছিলনে? তেওঁতো খুব ডাঙৰ বীৰ আছিল”। নীলে ক’লে।
"অৰ্জুন সেই সময়ৰ শ্ৰেষ্ঠ বীৰ আছিল। এজন শক্তিশালী যোদ্ধা হোৱা সত্বেও অৰ্জুনে মনক বুজনি দিব পৰা নাছিল। মানুহৰ প্ৰকৃত শক্তি মনতহে থাকে। মনক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে শক্তিশালী বীৰো অতি দুৰ্বল হৈ পৰিব পাৰে, বুজিলিনে"? ককাকে আটাইকেইটিলৈ চাই ক'লে।
"ককা, অৰ্জুনে সঁচাকৈয়ে যুদ্ধ এৰি গুচি গৈছিল নেকি"? ৰাণীয়ে সুধিলে।
"ধেৎ আকঁৰী। অৰ্জুনে যুদ্ধ এৰি গুচি গ'লে দেখোন কুৰুক্ষেত্ৰ যুদ্ধই নহ'লহেঁতেন"। নীলে ক'লে।
“এৰা সেই সময়ত শ্ৰীকৃষ্ণই বুজনি নিদিলে অৰ্জুনে হয়তো সঁচাকৈয়ে যুদ্ধ এৰি পলাই গ’লহেঁতেন আৰু কুৰুক্ষেত্ৰৰ যুদ্ধৰো তাতেই সমাপ্তি হ’লহেঁতেন”। ককাকে ক'লে।
“শ্ৰীকৃষ্ণই অৰ্জুনক কেনেকৈ মান্তি কৰালে ককা”? প্ৰীতিয়ে সুধিলে।
“শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধক্ষেত্ৰত এনে ভয়াতুৰ হৈ পৰাৰ বাবে ককৰ্থনা কৰিলে। তেওঁ অৰ্জুনক বুজালে যে অৰ্জুনৰ দৰে এজন বীৰৰ বাবে ইমান আবেগিক আৰু দুৰ্বল হোৱাটো শোভা নাপায়। তেওঁ অৰ্জুনক ক’লে যে সত্য আৰু ন্যায়ৰ বাবে যুদ্ধ কৰাটো প্ৰতিজন মানুহৰ কৰ্তব্য”।
“অৰ্জুনে তেতিয়া কি কৰিলে ককা”? ৰাণীয়ে সুধিলে।
“অৰ্জুন শ্ৰীকৃষ্ণৰ কথাত পতিয়ন নগ’ল। তেওঁ ধনু কাঁড় সামৰি ৰথত বহি দিলে। তেওঁ ক’লে যে পিতামহ ভীষ্ম, কুলগুৰু কৃপাচাৰ্য আৰু তেওঁৰ গুৰু দ্ৰোণাচাৰ্যৰ লগত যুদ্ধ কৰাৰ কথা তেওঁ সপোনতো ভাবিব নোৱাৰে। তেওঁ এই কথা ভাবি বিচলিত হৈ পৰিল যে নিজৰ আপোন জন, পূজনীয় জনক হত্যা কৰি যুদ্ধত জয়ী হ'লেও সেই বিজয়ে তেওঁক কেতিয়াও আনন্দ দিব নোৱাৰে। তেনেকৈ বিজয় লাভ কৰাতকৈ যুদ্ধ নকৰাই ভাল”। ককাকে কৈ গ'ল।
“অৰ্জুনৰ বেয়া লাগিবই। নিজৰ মানুহক মাৰি কোনেনো ভাল পায়”। প্ৰীতিয়ে ক’লে।
“কিন্তু যুদ্ধ কৰিলে মানুহতো মৰিবই। নহয়নে ককা? সৈনিক বিলাকেও যুদ্ধত শত্ৰুক মাৰে। সেই বুলি বেয়া লাগিলে হ’ব নেকি”? নীলে উভতি ধৰিলে।
“মই হোৱা হ’লেও কিন্তু অৰ্জুনৰ দৰেই যুদ্ধ নকৰি গুচি আহিব বিচাৰিলোঁহেতেন”। প্ৰীতিয়ে ক’লে।
“তহঁত ছোৱালীবোৰে ক’ত যুদ্ধ কৰিব পাৰিবি। এনেয়ো তহঁত ভয়াতুৰ”। অভিৰ কথাত ল’ৰা কেইটাই ছোৱালী কেইজনীৰ পিনে চাই গিৰ্জনি মাৰি হাঁহিলে।
"নীলে ঠিকেই কৈছ। যুদ্ধক্ষেত্ৰত সৈনিক এজনে হাতত অস্ত্ৰ লৈ মানুহ মাৰিবও লাগিব, নিজে মৰিবও লাগিব। কিন্তু অৰ্জুনে ভয় খাই যুদ্ধ নকৰোঁ বুলি কোৱা নাছিল। তেওঁ সদায় আদৰ কৰা, চেনেহ কৰা, ভক্তি কৰা মানুহ বোৰৰ বিপক্ষে অস্ত্ৰ তুলি ল’বলগীয়া হোৱা বাবে মনত আঘাত পাইছিল। অৰ্জুন অতি বিষাদগ্ৰস্থ হৈছিল। এই কথাখিনিকে ভাগৱত গীতাৰ প্ৰথম অধ্যায়ত সুন্দৰকৈ বৰ্ণনা কৰা আছে"। ককাকে ক’লে।
"ভাগৱত গীতা কি ককা"? ৰাণীয়ে সুধিলে।
"ভাগৱত গীতা হ'ল মহাভাৰতৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা কথোপকথনৰ বৰ্ণনা। এই পুথিখন ব্যাসদেৱে ৰচনা কৰিছিল। আচলতে ভাগৱত গীতা মূল মহাভাৰতৰে অংশ"। ককাকে বুজাই দিলে।
“তুমি যে সদায় সন্ধিয়া পুথি পঢ়া, সেইখন পুথিয়েই ভাগৱত গীতা নেকি ককা”? নীলে সুধিলে।
“অ’, সেই পুথিখনেই ভাগৱত গীতা। গীতাত ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনক দিয়া উপদেশ সমূহ ওঠৰটা অধ্যায়ত দিয়া হৈছে। আমাৰ যিমানবোৰ শাস্ত্ৰ আছে, সেই সকলো শাস্ত্ৰৰে মূল কথা গীতাত আছে। সেই কাৰণে তহঁতে গীতাৰ কথা জানিব লাগে”। ককাকে ক'লে।
“গীতাৰ কথা জানিলে কিনো হ’ব ককা”? ৰাণীয়ে সুধিলে।
“গীতাত ভগৱানে অৰ্জুনৰ যোগেদি মানুহক কিদৰে ভালদৰে সত্য আৰু ন্যায়ৰ পথত জীয়াই থাকিব পাৰি তাৰেই উপদেশ দিছে। এক কথাবিলাক যদি তহঁতে সৰুৰে পৰা জানিব পাৰ, ডাঙৰ হ’লে তহঁতৰ বহুত উপকাৰ হ’ব। জীৱনটো তহঁতে ভালদৰে কটাব পাৰিবি”।
“তুমি আমাক গীতাৰ কথাবোৰ ক’বানে ককা। আমাৰ জানিবলৈ বৰ মন গৈছে”। অভিয়ে ক’লে।
“কম, মই তহঁতক গীতাৰ কথা ক’বলৈকে মাতি আনিছোঁ। পিছে গীতাৰ কথাবোৰ বুজি পোৱাটো ইমান সহজ নহয়”।
“কিয় সহজ নহয় ককা”? ৰাণীয়ে সুধিলে।
“গীতাৰ কথা বুজিবলৈ হ’লে প্ৰথমতে আমি ভগবানৰ ভক্ত হ’ব লাগিব”।
“ভগৱানৰ ভক্ত হ’ব লাগিব? মানে কি কৰিব লাগিব ককা”? প্ৰীতিয়ে সুধিলে।
“আমি গীতাৰ কথা ভালদৰে বুজিবলৈ হ’লে ভগৱানক বিশ্বাস কৰিব লাগিব। ভগৱানক একান্ত মনে ভক্তি কৰিব লাগিব। ভগৱানে কোৱা কথা সত্য বুলি গ্ৰহণ কৰিব লাগিব। আমি ভগৱানৰ প্ৰকৃত ভক্ত হ’লেহে গীতাৰ কথাবোৰ ভালদৰে বুজিব পাৰিম”। ককাকে কৈ গ'ল।
"ককা, মাহঁতে কয় গীতা হেনো কেৱল ডাঙৰ মানুহেহে পঢ়িব পৰা কিতাপ। সৰুৰে পৰা গীতাৰ বিষয়ে জানিব পাৰিনে"? অভিয়ে প্ৰশ্ন কৰিলে।
"গীতা কেৱল ডাঙৰ বা বয়সিয়াল মানুহেহে পঢ়িব লাগে, সেইটো এটা ভুল ধাৰণা। গীতাৰ বাণীবোৰ সৰুৰে পৰা মনত ৰাখিলে মানুহৰ জীৱনটোৱেই সলনি হৈ যাব পাৰে"। ককাকে ক'লে।
"গীতাত কৃষ্ণৰ কথাহে আছে নহয়নে ককা? তেনেহ'লে গীতা কেনেকৈ কেৱল ডাঙৰ মানুহে পঢ়া কিতাপ হ'ব পাৰে"? প্ৰীতিয়ে সুধিলে।
"গীতাত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা কথা বতৰা খিনিয়েই আছে। সেইখিনিৰ মাজত গভীৰ জ্ঞানৰ কথা আছে। কিন্তু সেইখিনি কথা সহজকৈ বুজাই দিলে তঁহতেও নিশ্চয় বুজি পাবি"। ককাকে ক'লে।
“আমাক শ্ৰীকৃষ্ণৰ কথাও ক’ব লাগিব ককা। শ্ৰীকৃষ্ণৰ সাধুবোৰ খুব ভাল লাগে”। প্ৰীতিয়ে ক’লে।
“মই মাজে মাজে দুই এটা সৰু সৰু সাধু তহঁতক কৈ যাম। তহঁতে কেৱল মন দি শুনিবি।; তেতিয়াহে গীতাৰ কথাবোৰ বুজিব পাৰিবি"।
“হ’ব ককা”, আটায়ে একেস্বৰে মাত লগালে।
“অ’ আমি কি কথা কৈ আছিলোঁ। কাহিনীটোৰ কোন ডোখৰত আমি আছিলোঁ”?
“আমি অৰ্জুনৰ মনত দুখ লগাৰ কথা কৈ আছিলোঁ ককা। যুদ্ধ কৰিবলৈ গৈ যে নিজৰ সম্পৰ্কীয় মানুহবোৰ দেখি অৰ্জুনৰ দুখ লাগিছিল, সেইখিনি কথাই তুমি কৈ আছিলা”। অভিয়ে মনত পেলাই দিলে।
“এৰা, আমি গীতাৰ প্ৰথম অধ্যায়তে আছোঁ। গীতাৰ প্ৰথম অধ্যায়ত অৰ্জুনৰ মনৰ বেজাৰৰ কথা কোৱা হৈছে। বেজাৰৰ আন এটা নাম হ'ল বিষাদ। সেই কাৰণে এই প্ৰথম অধ্যায়ক বিষাদ যোগ বোলা হয়। এই বিষাদ যোগত ৪৭ টা শ্লোক আছে। এই অধ্যায়ত প্ৰতিটো শ্লোকত অৰ্জুনৰ মনত জাগি উঠা বিষাদৰ ভাৱ প্ৰকট হৈ উঠিছে”।
“শ্লোক মানে কি ককা”? ৰাণীয়ে সুধিলে।
“শ্লোক মানে হ’ল সংস্কৃত ভাষাত লিখা কিছুমান ছুটি কবিতা। আগৰ দিনত মানুহে কবিতাত ছুটিকৈ কথাবোৰ লিখিছিল"। ককাকে ক'লে।
"গোটেই গীতাখনেই এইদৰে কবিতাত লিখা নেকি ককা"? প্ৰীতিয়ে সুধিলে।
"গোটেই গীতাখন শ্লোকতেই লিখা হৈছে। এই শ্লোকবোৰ ভালদৰে পঢ়িলেহে অৰ্থ বুজিব পাৰি। তহঁতে ডাঙৰ হ’লে শ্লোকবোৰৰ অৰ্থ আৰু ভালদৰে বুজিব পাৰিবি। তথাপি মই মাজে মাজে দুই এটা শ্লোকৰ অৰ্থ তহঁতক কৈ যাম”। ককাকে ক'লে।
“ককা, অৰ্জুনে যে যুদ্ধ কৰিব বিচৰা নাছিল। তাৰ পিছত কি হ’ল”?
“তেতিয়াই শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান দিলে”। ককাকে ক’লে।
“গীতাৰ জ্ঞান কি ককা? কি জ্ঞান দিলে ককা”?
"এজন দুখত ভাগি পৰা মানুহে যি জ্ঞান পালে নিজৰ কৰ্তব্যৰ বিষয়ে সজাগ আৰু সচেতন হয়, যি জ্ঞানে মানুহক জীৱনৰ সকলো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সক্ষম কৰি তোলে, সেয়াই হ'ল গীতাৰ জ্ঞান"। ককাকে ক'লে।
"আমি এই জ্ঞান পাব পাৰিমনে ককা"? ৰাণীয়ে সুধিলে।
"নিশ্চয় পাৰিবি। কিন্তু গীতাৰ জ্ঞান পোৱাৰ আগতে প্ৰথম কথা হ’ল, তহঁত আটায়ে ভগৱানৰ ভক্ত হ'ব লাগিব। ভগৱানৰ প্ৰাৰ্থনা কৰিলেহে গীতাৰ কথাবোৰ ভালদৰে বুজিব পাৰিবি"। ককাকে ক'লে।
"আমি আজি কি কৰিম ককা? আজি আমাক গীতাৰ কথা নোকোৱা নেকি"? নীলে সুধিলে।
“আজি তহঁতে সন্ধিয়া ভৰি হাত ধুই আহি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিবি। ভগবান কৃষ্ণ সুপ্ৰসন্ন হ’লে তহঁতে গীতাৰ কথাবোৰ সুন্দৰকৈ বুজিব পাৰিবি"। ককাকে ক'লে।
"আমি কেনেকৈ প্ৰাৰ্থনা কৰিম ককা"? প্ৰীতিয়ে সুধিলে।
"তহঁতক আজি মই এটা প্ৰাথনা শিকাই দিম। আটায়ে এই প্ৰাৰ্থনাটো কৰিবি।
 
তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ।
তুমি নাথ মঞি নাথৱন্ত |
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত ||
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ |
দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো
দিয়ো মোক সেহি উপদেশ ||
 
এই প্ৰাথনাটো মহাপুৰুষ মাধৱদেৱে লিখা নাম ঘোষা পুথিত আছে"। ককাকে ক'লে।
"এই প্ৰাৰ্থনাটোত কি কথা কোৱা হৈছে ককা। মই বুজি পোৱা নাই"। ৰাণীয়ে সুধিলে।
"এই প্ৰাৰ্থনাটোত ভগৱানৰ ওচৰত নিজকে সমৰ্পন কৰাৰ কথা কোৱা হৈছে। ভগৱানেই আমাক তেওঁৰ চৰণৰ ছায়া দি থাকে। ভগৱানে আমাৰ মনৰ সকলো কথা জানে। সেই কাৰণে সকলো সময়তে ভগৱানক নিজৰ গৰাকী বুলি গ্ৰহণ কৰিব লগে। ভগৱানে ভক্তৰ মনৰ সকলো কথাই জানে। সেয়েহে আমি সকলোৱে ভগবানৰ একান্ত ভক্ত হ’ব লাগে”। ককাকে ক'লে।
ল’ৰা ছোৱালী কেইটাই ককাকৰ লগে লগে প্ৰাৰ্থনাটো গাবলৈ ধৰিলে।
" name="description">

কিংকৰ্তব্যবিমূঢ় অৰ্জুন