সাধু-9 কাম কলিকা


নৱমদিনাও একে ঘটনা ঘটিল। ৰজাক কামকলিকা নামৰ পুতলাই ক'লে, আপুনি সিংহাসন আৰােহন কৰাৰ পূর্বে মই ক'ব বিচৰা কাহিনীটো শুনক।

ৰজা বিক্রমাদিত্যৰ ৰাজসভাৰ প্ৰধানমন্ত্রীগৰাকীৰ নাম আছিল ভটি, উপমন্ত্রীগৰাকীৰ নাম আছিল গােবিন্দ, সেনাপতিজনৰ নাম চন্দ্রশেখৰ আৰু পুৰােহিতজনৰ নাম ত্রিবিক্রম। এই পুৰােহিতজনৰ পুত্র কমলাকৰ বৰ বিলাসী আছিল। পুৰােহিতজনে পুত্ৰৰ স্বভাৱত অতিষ্ঠ হৈ কৈছিল, তুমি ব্রাহ্মণ কুলৰ বাবে অনুপযুক্ত। ব্রাহ্মণ হৈও অব্রাহ্মণৰ আচৰণ কৰা। কেৱল খােৱা আৰু পিন্ধাৰ নামত সময় খৰচ কৰি অমূল্য সময়বােৰ নষ্ট কৰিছা। বিদ্যা অর্জনৰ মােল নুবুজিলা। উচ্চ বংশত জন্মিলেও এই জীৱন বৃথা যদিহে বিদ্যা অর্জন নকৰা।

দেউতাকৰ কথাই তাক ভীষণ অনুশােচনা কৰিবলৈ বাধ্য কৰালে। সি প্রতিজ্ঞা কৰিলে যে যেতিয়ালৈকে সি সর্বগুণত ভুষিত হ’ব নােৱাৰে তেতিয়ালৈকে পিতৃৰ মুখ নাচায়।

পিছদিনা কমলাকৰ কাশ্মীৰ অভিমুখে গৈ তাত চন্দ্রমৌলি ভট্ট নামৰ পণ্ডিত এজনক লগ ধৰি মনৰ ইচ্ছা ব্যক্ত কৰিলে।

গুৰু চন্দ্রমৌলি কমলাকৰক বিদ্যাদান কৰিবলৈ সন্মত হ’ল আৰু কমলাকৰাে পৰম আনন্দিত হৈ একাগ্রচিত্তে নিজৰ চেষ্টাত ব্ৰতী হ’ল। এনেদৰে গুৰু সেৱা, শিক্ষা গ্রহণ আদি কৰােতে অনেকদিন পাৰ হ’ল। এদিন গুৰুৱে তেওঁক দয়াকৰি সিদ্ধসাৰস্বত মন্ত্রৰ উপদেশ দিলে। সেই উপদেশৰ দ্বাৰা কমলাকৰ সর্বজ্ঞ হৈ গুৰুৰ অনুমতি লৈ নিজ গৃহলৈ গমন কৰিলে। যাত্রা কালত কমলাকৰ কাঞ্চীনগৰত উপস্থিত হ’ল। সেই নগৰৰ ৰজা আছিল মহেন্দ্রসেন। সেইনগৰতে নৰমােহিনী নামৰ বাৰংগনা আছিল। সেই গৰাকী ৰূপৱতী বাৰংগনাক যি জনে দেখে তেঁৱেই উন্মাদ হৈ পৰিছিল। আনহাতে, সংগ লাভৰ চেষ্টা চলােৱা জনক বিন্ধ্যাচলত থকা এক ৰাক্ষসে তেজপান কৰি মাৰি পেলায়।

কমলাকৰে এই ঘটনা জনাৰ পিছত তাত নৰৈ পােনে পােনে নিজ ঘৰলৈ গ'ল। ঘৰত পিতৃ-মাতৃহঁতে বহুদিনৰ মূৰত পুতেকক লগ পায় আনন্দিত হ’ল।

দ্বিতীয় দিনা কমলাকৰ দেউতাকৰ সৈতে ৰাজ ভৱনলৈ গ'ল আৰু ৰজাক প্রণাম জনাই নিজৰ বিদ্যা প্রদর্শন কৰিলে। ৰজা বিক্রমাদিত্যই নানা উপহাৰ দি দেশ-বিদেশৰ বতৰা সুধিলে।

কমলাকৰে বিভিন্ন খা-খবৰ দিয়াৰ মাজতে কাঞ্চীনগৰৰ সেই অদ্ভুত ঘটনাটোৰ কথাও ক'লে। ৰজা বিক্রমাদিত্যই কমলাকৰৰ পৰা সকলাে কথাৰ আতিগুৰি লৈ তাক ঘৰলৈ যাবলৈ দিলে। তাৰ পিছত অন্য এদিন কমলাকৰক লগত লৈ কাঞ্চীনগৰলৈ যাত্ৰা কৰিলে। তাত তেওঁ নৰমোহিনীক সাক্ষাৎ দি এৰাতি থকাৰ ইচ্ছা প্রকাশ কৰিলে।

ৰজাৰ উপস্থিতিত নৰমােহিনীয়ে পৰম সন্তুষ্টি বােধ কৰিলে আৰু তেওঁক যথাসাধ্যে সেৱা শুশ্রষা কৰি কলে, “মহাৰাজ” আজি মােৰ জীৱন ধন্য হ'ল।

আপােনাৰ আগমনে মােৰ গৃহৰ পৱিত্ৰতা বৃদ্ধি কৰিলে। আজি আপুনি মােৰ, গৃহত ভােজন কৰিব লাগিব।

ৰজাই আহাৰ গ্ৰহণৰ ইচ্ছা প্রকাশ নকৰিলে।

নিশাৰ ভাগত নৰমােহিনী টোপানিত পৰিল যদিও ৰজা সাৰে থাকিল। হঠাৎ তেওঁ ৰাক্ষসৰ আগমনৰ শব্দ শুনি এঠাইত সাজু হ'ল। ৰাক্ষস কোঠাত প্রৱেশ কৰাৰ সময়ত এটা মাত্র চাকি জ্বলি আছিল। পিছত ৰজাই অতর্কিতে আক্রমণ কৰি ৰাক্ষকক বধ কৰিলে। পিছত যেতিয়া নৰমােহিনীয়ে ৰাক্ষকক মৃত অৱস্থাত পৰি থকা দেখে তেতিয়া আচৰিত হয়।

ৰজাৰ এনে চমৎকাৰি কৰ্মই নৰমােহিনীক পৰম শান্তি প্রদান কৰে। তেওঁ ৰজাক বহুত বহুত ধন্যবাদ জনাই কয়, “হে মহাৰাজ” আপুনি অনুমতি দিলে মই আপােনাক অনুসৰণ কৰিম। আপােনাৰ সকলাে আদেশ পালন কৰিবলৈ মই প্রস্তুত।

ৰজাই ক'লে, “যদি সেয়াই সঁচা, তেতিয়া হ'লে তুমি কমলাকৰৰ লগত বিয়া হৈ মােৰ আদেশ ৰক্ষা কৰা।” ৰজাৰ আদেশ মানি তেওঁ কমলাকৰৰ লগত বিয়াত বহে। পিছত ৰজা বিক্রমাদিত্যও উজ্জয়িনীলৈ উভতি আহে।

কাহিনীটোৰ অন্তত পুতলাটোৱে ৰজা ভােজক ক'লে, যদি আপুনি বিক্রমাদিত্যৰ দৰে এনেকুৱা গুণৰ অধিকাৰী হ'ব পাৰিছে, তেতিয়া হ'লে সিংহাসনত বহক।

ৰজা ভােজে মৌন হৈ সেই ঠাই ত্যাগ কৰিলে।