কুকুৰীকণা - লক্ষ্মীনাথ বেজবৰুৱা

 

এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল | ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ গুণেশ্বৰী | ৰূপেশ্বৰীক বিয়া দিবৰ হ'লত,বাপেকে তাৰ গাঁৱত অনেক প্ৰৱন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে | সেইদেখি দূৰৰ গাঁৱৰ দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল | এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক'লে,-"আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ | ওচৰতে বিয়া দিলে মইৰ সততে ছোৱালী জনী দেখি থাকিবলৈ পাম ; দূৰৈত দিলে সেইটো কেনেকৈ হ'ব?" গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে |

ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰীকণা আছিল ; কিন্তু সেই কথা সি লুকুৱাই ৰাখিছিল | সেইদেখি গাৱঁৰ আন আন মানুহে আৰু তাৰ শাহুৱেক –শহুৰেকে সেইটো নাজানিছিল |

জোঁৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিনচেৰেক হাল বাইছিল | এদিন শহুৰেকে জোঁৱায়েকক গৰুটো ওভতাই খুজি পঠিয়ালে | সেইদিনা দৈবাত গৰুটো ঘৰলৈ ওভতি অহাত সন্ধিয়া লাগিছিল | কুকুৰীকণা জোৱায়েক মস্কিলত পৰিল| কেনেকৈ সি গৰুটো নি শহুৰেকৰ ঘৰত দিয়েগৈ| সি ভালেখিনি পৰ ভাবি-চিন্তি থিৰ কৰিলে যে, "গৰুটো শহুৰৰ ঘৰ মুৱাকৈ এৰি দি তাৰ নেজত ধৰি মই গৈ থাকো | তেনেহ'লে সি নিশ্চয় তাৰ চিনাকী ঘৰ ওলাবগৈ|" সি তাকে কৰিলত, গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ| এনেতে শহুৰেকে জোঁৱায়েকক দেখাপাই সুধিলে, "সেইটি জোঁৱাই নে?" জোঁৱায়েকে উত্তৰ দিলে,-" আপুনি গৰুটো খুজি পঠিয়াইছিল দেখি আনি গোহালিত বান্ধিছোহি|" ইয়াৰ পিছতো জোঁৱায়েক ওলাই নহাত শহুৰেকে মাত লগালে,-"ওলাই আহা ..! তাত কি কৰিছা? হাত-ভৰি ধুই বহি মেলি এমুঠি ভাতকে খোৱাহি | নোখোৱাকৈ নাযাবা |" জোঁৱায়েকে উত্তৰ দিলে,-"এৰা, আপোনালোকৰ গোহালিত গৰু কেইটা আছে,তাকে লেখিহে চাইছো এতিয়া |" শহুৰেকে ক'লে,-" এই, কিনো গৰু লিখিবা, টিকৌটিপৌ মেমেৰা চেৰেলা গৰু গোটাচেৰেকহে আছে ; ভাল কেইটা আৰুবেলি চবকাত পৰি মৰি হজি শুকাইছে" বুলি শহুৰেক ভিতৰ সোমাই গৈ জীয়েক গুণেশ্বৰীক ক'লে,-"আই, ঘটি এটাত পানী এঘটি লৈ যা, ভিনিহিয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ |" সিফালে জোঁৱায়েকে গোঁহালিৰ পৰা ওলাই ঘৰলৈ ওভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল; এনেতে খুলশালীয়েকে মাত লগালে,-"ভিনীহিদেউ, আহা ভৰি ধোঁৱাহি, পানী আনিছো|" ভিনীহিয়েকে খুলশালীয়েকৰ মাত শুনি উত্তৰ দিলে,-"আইটী নে? আহা মোক আদৰি নিয়াহি, নহ'লে মই এনেয়ে নাযাওঁ ; মোৰ নিচিনা ভিনীহিনো ক'ত পাইছিলা?" এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকৰ হাতত ধৰি কাবৌ-কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটি আগবঢ়াই দিলে |এনেতে ভিনীহিয়েকে মাত লগালে,-"তুমি মোৰ ভৰি ধুৱাই দিয়া ; আজি ভালেমান দিনৰ মুৰত আহিছোঁ | তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা|" গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকে ধেমালি কৰিছে বুলি ভাবি ভিনীহিয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ঢৰা পাৰি দি "বহা" বুলি তাতে বহুৱাই দিলে |

এইদৰে জোঁৱায়েকে কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ'ল | শহুৰেক ভাত খাবলৈ বহিল | শাহুৱেকে জোঁৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে ; জোঁৱায়েকক ভাত খাবলৈ মাতিছে কিন্তু সি উঠি নাহে| বৰকৈ মাতিলত জোৱায়েকে উত্তৰ দিলে,-"আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিবইন নোৱাৰো ; আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক খাওঁ |" জোঁৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি | ভাত দিয়া হ'ল, কিন্তু সি দেখিবলৈ নাপায় ; নাখাই ৰৈ আছে | সেই দেখি গুণেশ্বৰীয়ে মাত লগালে,- "খোৱা, ভিনীহিদেউ খোৱা |" ভিনীহিয়েকে উত্তৰ দিলে,-" তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহ'লে নাখাওঁ ; কাৰণ তুমিনো আৰু কিমান দিন বাপেৰাৰ ঘৰত থাকিবা ; অলপদিনৰ মূৰতেই গুচিয়েই যাবা ; এতেকে এই কেইদিনতে তোমাৰ হতুৱাই বন কৰাই লওঁ, তেহে মোলৈ মনত থাকে যদি" ভিনীহিয়েকৰ কথা শুনি গুণেশ্বৰীয়ে তাৰ হাতখন ভাতত লগাই দিলত সি ভাত খাবলৈ বহিল| ইয়াৰপিছত খুলশালীয়েকেও ভাত খাবলৈ ভিতৰলৈ উঠি গ'ল | অলপপৰ পিছতে শাহুৱেকে ওলাই আহি দেখিলে যে জোঁৱায়েকে আৰু সেই পাততে এফালৰ পৰা মেকুৰীয়েও ভাত খাব লাগিছে | তাকে দেখি শাহুৱেকে জোঁৱায়েকক ক'লে,-"বোপা তুমি জানো দেখা নাই, তোমাৰ পাততে এফালে মেকুৰীজনীয়েও ভাত খাব লাগিছে ; খেদি নিদিয়া কেলৈ?" জোঁৱায়েকে উত্তৰ দিলে,-"আই খাওঁক দিয়ক, অকল মানুহে খালেই হয়নে? আন জীৱ-জন্তুৱেও খাব লাগে, মেকুৰীয়েও খাওঁক, ময়ো খাওঁ ; সকলোৱে লাগি ভাগি খাই শেষ কৰোহঁক|" শাহুৱেকে ক'লে,-"নহয় নহয় মেকুৰীজনী খেদাই দিয়া| তোমাৰ অকণো ঘিণ নালাগে নে?" এই বুলি শাহুৱেকে ছুহ ছুহ কৰি মেকুৰীজনী খেদাই দি, মেকুৰীজনী আকৌ আহিলে খেদাই দিবলৈ বুলি জোঁৱায়েকৰ হাতত ডোখৰা খৰি এডাল দি ভিতৰলৈ সোমাই গ'ল| ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰ্চৰীয়া আনি জোঁৱায়েকৰ পাতত দিওঁতে জোঁৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়েহে ভাত খাইছেহি| ইয়াকে ভাবি সি কাঠখৰিডালেৰে শাহুৱেকৰ হাতত মাৰ মাৰি দিলে | মাৰ খাই শাহুৱেক বহি পৰিল| উস উস কৈ শাহুৱেকে মাত লগালে,-"ভাল কৰিলা বোপা, তুমি মোৰ হাততে মাৰ মাৰি দিলা |" তেতিয়া জোঁৱায়েকে কি সৰ্ব্বনশীয়া কাম কৰিলোঁ বুলি জানি, শাহুৱেকৰ ভৰিত ধৰি ক'লে,-" আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল| মই সমাজিক দেখিছিলোঁ সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি| সেই দেখি মেকুৰী বুলিহে মই মাৰ মাৰি দিলোঁ| আই, মই আপোনাৰ দুটি ভৰিত ধৰি কাবৌকৈ মাতিছো, মোক ক্ষমা কৰক আৰু এই কথা কাকো নকব |" শাহুৱেকে এই কথা শুনি জোঁৱায়েকক বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গ'লতে, জোঁৱায়েকে ভাতৰ পাতৰ পৰা উঠি খেপিয়াই বাহিৰলৈ আহি হাত-মুখ ধুলে | এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ ঘৰলৈ যাবলৈ ধৰিলে | দুখোজমান গৈয়েই সি বাট বিছাৰি নাপাই চোতালৰ আগত থকা কচুৱনিত সোমালগৈ| কচুৱনিত সোমাই সি ভাবিলে,-"এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰ পৰা ওলাই বাট বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য ; এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতিপুৱালেই কোনেও নেদেখাকৈ ঘৰলৈ যামগৈ|"

ইয়াকে ভাবি সি নিশ্চিন্ত মনে তাতে বহি থাকিল | ইফালে শাহুৱেক-শহুৰেকে জোঁৱায়েকক নেদেখি, সি ঘৰলৈ গুচি গ'ল ভাবি মনে মনে থাকিল | ইয়াৰ অলপ পিচতে শাহুৱেকে জোঁৱায়েকৰ চুৱা ধুই চৰিয়াৰ চুৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে | চৰীয়াৰ পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি, তাৰপৰা চিটিকি গৈ জোঁৱায়েকৰ গা-মূৰ তিয়াই পেলালে| এইদৰে গাত পানী পৰিলত, জোঁৱায়েকে ভাবিলে বৰষুণহে দিছে | তাকে ভাবি সি মাত লগালে,-"হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুন নিদিবা; আজি যিবোৰ দুখ পাইছো সেইবোৰেই আঁতিছে আৰু দুৰ্ভগীয়াক দুখ নিদিবা |" জোঁৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোঁৱায়েক কচুৱনিৰ মাজত জুৰুলি-জুপুৰি হৈ বহি আছে| তেতিয়া শহুৱেকে জোঁৱায়েকক কুকুৰীকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোঁৱায়েকক তাৰপৰা ধৰি মেলি আনি গা-পা ধুৱাই শুকান চুৰীয়া পিন্ধাই পাটীত শুৱাই থৈ দিলে....

আমাৰ কাপোৰ কানি ক'লা হ'ল, ঘৰলৈ উভতি আহিলোঁ ।