দীঘল ঠেঙীয়া - লক্ষ্মীনাথ বেজবৰুৱা


এজনী বুঢ়ী আছিল | তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক-টুক টাক-টাককৈ খাই আছিল | তাই শোৱা ঘৰটো বৰ পুৰণি | তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে | এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোতে, "এ প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন" এই বুলি চাঙত উঠি শুই থাকিল |
সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি, বুঢ়ী শুবলৈ বাট চাই আছিল | এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে-মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰু-জাকৰ মাজত সোমাই বুঢ়ী শুবলৈ বাট চাই আছিল | বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে | কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে, "দীঘল ঠেঙীয়াটো বা কি ?"
বুঢ়ীৰ ভাত-ঘুমতি আহিল | চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল | চোৰে ভাবিলে, "কোনটো গৰু ভাল কোনটো বেয়া এন্ধাৰে-মুন্ধাৰে কেনেকৈ চিনিম | এতেকে যিটো গৰুৱে টিকাত হাত দিলেই জপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ'ব |"
ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে | সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জপিয়াই উঠিল | চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব | ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াইহে মোক পালে | এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল | চোৰে ভাবিলে, "ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম |" ইয়াকে ভাবি চোৰে জাপ মাৰি বাঘৰ পিঠিত উঠিলতে, বাঘে তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে | চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে, “সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে | আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াইহে পালে |”
দুইও দুইকো দীঘল ঠেঙীয়া ভাবি ভয়তে ততমত এৰিলে |
    চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোতেই চোৰে মৰোঁ-জীওঁকৈ বাঘৰ গলধনটো মোটোকাই ধৰিলে | তেতিয়া বাঘে ভাবিলে, “অ ই দীঘল ঠেঙীয়া নহয়, ঘাৰ মোকোটোৱাহে |” বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে | চোৰে বাঘক ঘাৰ-মোটোকায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল | লৰৰ কোবত চোৰটো বাঘৰ পিঠিত আৰু ৰব নোৱাৰি বাগৰি মাটিত পৰিল | কিন্তু সি বাঘৰ নেগুৰডাল ইমান বজ্ৰলেপ মুঠিৰে ধৰিছিল, যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা-কাঢ়ি ৰ'ল | বাঘ লৰমাৰি সাৰিল | সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ ভাবিলে, তাক ঘাৰ-মোকোটোৱাই নহয়, পেঁপা-কঢ়াইহে পাইছিল | ইফালে চোৰে হাতত নেগুৰডাল পিটিকি-চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ | তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে | ৰাতি তেতিয়া ভালেমান আছিল | সেইদেখি সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল |
    ইফালে বাঘে হাবিত সোমাই তাক পেপা-কঢ়াইপোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক'লত, সিহঁতে গুণি গাঠি থিৰ কৰিলে যে, “এইটো বৰ লাজৰ কথা হ'ল | সিহঁত বনৰ ৰজা | এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা-কঢ়াই এনে লঘু- লাঞ্চনা কৰিব ই বৰ অসহনীয় কথা | ইয়াৰ প্ৰতিকাৰ নকৰিলে, পেপা-কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, সিহঁতৰ কিন্তু অপমানত নাক-কাণ সোপাই যাব আৰু তাৰ বাহিৰেও পেপা-কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলী হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰী-ভাৰী, পানী-ভাৰীৰ শাৰীত পৰিবগৈ |” সেইদেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতিলে, ইয়াকে আলচ কৰিবলৈ যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা-কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত |
    দুকুৰিমান বাঘে পেপা-কঢ়াক বিচাৰি চলাথ লগালে, কিন্তু ক'তো সিহঁতে পেপা-কঢ়াক নেদেখিলে | শেহত এটা বাঘৰ চকু সেই আমজোপাৰ আগত পৰিলত, সি পেপা-কঢ়াক তাত বহি থকা দেখিলে | সেইটো পেপা-কঢ়া বুলি আঙুলিয়াই দেখুৱালত এটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল | কিছুপৰ সিহঁতে ভাবি-চিন্তি বুধি এটা সাজিলে | পেপা-কঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিঠিত এটা, আকৌ সেইটোৰ পিঠিত আন এটা, সেইদৰে উঠি উঠি ওখহৈ গ'ল | চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ | এতিয়াহে বিপাঙে মৰিলোঁ | তৎক্ষণাৎ চোৰেও এটা বুধি উলিয়ালে | সি দেখিলে যে, নিচেই তলত পেপা-কঢ়াই পোৱা বাঘটো | সেই নেগুৰখৰা বাঘটোক চোৰটোৱে গলগলীয়া মাতেৰে মাত লগালে, "খৰা, চাবি, চাবি, চাবি |" খৰা বাঘে ভাবিলে, “আকৌ পেপা-কঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি ?” ইয়াকে ভাবি সি সুত্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে | সি তেনে কৰিলত, তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ ঠল ঠল কৰে মাটিত সৰি পৰিল | সিহঁতেও “আমাকো পেপা-কঢ়াই পালে” বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ'ল |
   চোৰে ৰাতিটো তাতে থাকি ৰাতিপুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল; আৰু তেতিয়াৰে পৰা সি চুৰ নকৰো বুলি শপত খালে |